ডিজিটেল ডেস্কঃ গাজাত থকা হামাছৰ ওপৰত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। ইয়াৰ মাজতে ইৰাণে কয় , যদিহে ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ বন্ধ নকৰে নকৰে তেন্তে আন এটা দিশত যুদ্ধ আৰম্ভ হ'ব।
উল্লেখ্য যে, ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ কৰিছিল। ২০ মিনিটত ৫০০০ ৰকেটেৰে আক্ৰমণ কৰাৰ ফলত ১০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। তাৰ পাছতে হামাছৰ ওপৰত আক্ৰমণ চলাইছিল ইজৰাইলে। হামাছ উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে আৰম্ভ কৰা প্ৰত্যাক্ৰমণত বিধ্বস্ত হৈ পৰিছে গাজা। চৌপাশে কেৱল মৃতদেহৰ দুৰ্গন্ধ বিয়পি পৰিছে।
ইয়াৰ মাজতে হামাছৰ সমৰ্থনত মাত মাতিছে ইৰাণে। বৃহস্পতিবাৰে ইৰাণৰ বিদেশ মন্ত্ৰী হোছেইন আমিৰবাডোহিয়ানবৈৰুতত উপস্থিত হয়। তেওঁক লেবাননৰ অধিকাৰীসকলৰ লগতে হামাস আৰু পেলেষ্টাইনৰ বিদ্ৰোহী সংগঠনৰ সদস্যসকলে আদৰণি জনায়।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে, গাজাত চলি থকা আক্ৰমণ, যুদ্ধৰ বাবে অন্য দিশতো যুদ্ধ হোৱাৰ সম্ভাৱণা আছে। যদি গাজাত ইজৰাইলে আক্ৰমণ বন্ধ নকৰে তেন্তে অন্য এক যুদ্ধ হ'ব পাৰে।