ডিজিটেল ডেস্কঃ হামাছৰ ওপৰত আক্ৰমণ অব্যাহত আছে ইজৰাইলী সেনাৰ। ইয়াৰ মাজতে ইজৰাইলী সেনাই গাজাত হামাচৰ শীৰ্ষ নেতা ইছমাইল হানিয়েহৰ ঘৰত আক্ৰমণ কৰে।
ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে যুঁজাৰু বিমানৰ দ্বাৰা তেওঁৰ ঘৰত বোমা বিস্ফোৰণৰ কৰে। লগতে বোমা বিস্ফোৰণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে। ইজৰাইলী সেনাই দাবী কৰা অনুসৰি ঘৰটো ইছমাইল হানিয়েহৰ।
חטיבת האש 215 באוגדה 162 תקפה הלילה באמצעות מטוסי קרב את ביתו של איסמעיל הנייה, ראש הלשכה המדינית של ארגון הטרור חמאס ששימש כתשתית טרור ובין היתר כמקום מפגש עבור בכירי הארגון>> pic.twitter.com/eCwd4lmrFF
— צבא ההגנה לישראל (@idfonline) November 16, 2023
ইছমাইল হানিয়েহ হামাসৰ ৰাজনৈতিক ব্যুৰোৰ মুৰব্বী তথা গাজা শাসন কৰা গোটটোৰ এজন সৰ্বোচ্চ পদবীৰ বিষয়া। বহুতো দেশে তেওঁক হামাচৰ মুৰব্বী বুলি গণ্য কৰে। ইজৰাইলে দাবী কৰে যে হানিয়েহৰ ঘৰটো সন্ত্ৰাসবাদীৰ কাৰ্যকালাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।
ইজৰাইল- হামাছৰ যুদ্ধই ১৬ নৱেম্বৰত ৪১ দিনত ভৰি দিলে। এই যুদ্ধত এতিয়ালৈকে প্ৰায় ১১,২০০ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। আনহাতে ইজৰাইলৰ প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছে।
Also Read: ভুৱা চিকিৎসকৰ দ্বাৰা ৰোগীৰ অস্ত্ৰোপচাৰ, গ্ৰেপ্তাৰ ৪ জন