চিকিৎসালয়ৰ সন্মুখত ইজৰাইলী টেংকাৰ: চিকিৎসা, খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে বহু ৰোগী

চিকিৎসালয়ৰ সন্মুখত ইজৰাইলী টেংকাৰ: চিকিৎসা, খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে বহু ৰোগী
Published on
Updated on

ডিজিটেল ডেস্কঃ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছৰ যুদ্ধ এতিয়াও শাম কটা নাই। ইতিমধ্যে ইজৰাইলী সেনাই গাজাত প্ৰৱেশ কৰি হামাছৰ ওপৰত আক্ৰমণ চলাই গৈ আছে। ইজৰাইলী সেনাৰ টেংকবোৰে গাজা ষ্ট্ৰিপৰ আল চিফা চিকিৎসালয়ৰ গেটৰ বাহিৰত আছে।

ইন্ধন যোগানৰ অভাৱৰ বাবে চিকিৎসালয়খনত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কবৰস্থানলৈ ৰূপান্তৰিত হৈছে চিকিৎসালয়খন। ৰোগীসকল প্ৰতিদিনেই মৃত্যু মুখত পৰিছে। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি চিকিৎসালয়খনৰ ভিতৰতে সামূহিক কবৰত ১৭৯ ৰোগীক একেলগে কবৰ দিয়া হৈছে। ইয়াৰ ভিতৰত শিশুও আছে।

মঙলবাৰে আল-চিফা চিকিৎসালয়ৰ মুৰব্বী মহম্মদ আবু চালমিয়াই এই সংকটৰ কথা উল্লেখ কৰি কয় যে, আমি গণ কবৰ দিবলৈ বাধ্য হৈছো। চৌপাশে কেৱল মৃতদেহ। এতিয়া বিদ্যুৎ নাই, পানী নাই খোৱা খাদ্য নাই।

ইন্ধন যোগান ধৰিব নোৱাৰা বাবে চিকিৎসালয়খনৰ কাম-কাজ প্ৰায় বন্ধ হৈ পৰিছে। বহু ৰোগীয়ে ইতিমধ্য়ে মৃত্যুক সাৱতি লৈছে। নৱজাতক সকলক উষ্ণতা দিবলৈ এখন বিচনাতে একাধিক শিশুক একেলগে থোৱাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসকৰ মতে ৩৯ টা শিশু এটা বিচনাতে থোৱা হৈছে। ইয়াৰে কিছুমান শিশুক সেউজীয়া কাপোৰত মেৰিয়াই ৰখা হৈছে আৰু তেওঁলোকৰ চাৰিফালে টেপেৰে মেৰিয়াই দিয়া হৈছে। প্ৰায় প্ৰতি মিনিটত এই শিশু সকলৰ জীৱনলৈ ভাবুকি বৃদ্ধি পাই আছে।

আল ছিফা চিকিৎসালয় গাজা চহৰৰ আটাইতকৈ ডাঙৰ চিকিৎসালয়। যোৱা সপ্তাহত ইজৰাইলী সেনাই ইয়াত উপস্থিত হৈছিল। তেতিয়াৰ পৰা ইজৰাইলী সেনা সকল তাতেই আছে। ইজৰাইলী সেনাৰ মতে হামাছৰ সুৰংগৰ ওপৰেৰে এই হাস্পাতালখন নিৰ্মাণ হৈছে।

ইজৰাইলী সেনাই লগতে এয়াও দাবী কৰিছে যে ৰোগীসকলক হামাছে মানৱীয় ঢাল হিচাপে ব্যৱহাৰ কৰিছে। অৱশ্যে এই কথা অস্বীকাৰ কৰিছে হামাছ আৰু হাস্পাতাল কৰ্তৃপক্ষই।

ইউএনৰ মতে এই হাস্পাতালখনৰ ভিতৰত প্ৰায় ১০,০০০ লোক আছে। ইয়াৰ ভিতৰত ৰোগী আৰু আনলোকো আছে। বিশ্ব স্বাস্থ্য সংগঠনৰ মতে ৭ অক্টোবৰৰ পৰা ৩৬স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰায় ২২ খন চিকিৎসালয় ক্ষতিগ্ৰস্ত হৈছে।

ইজৰাইল- হামাছৰ যুদ্ধই ১৪ নৱেম্বৰত ৩৯ দিনত ভৰি দিলে। এই যুদ্ধত এতিয়ালৈকে প্ৰায় ১১,২০০ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। আনহাতে ইজৰাইলৰ প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছে।

চিকিৎসালয়ৰ সন্মুখত ইজৰাইলী টেংকাৰ: চিকিৎসা, খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে বহু ৰোগী
দিল্লী এৰি জয়পুৰলৈ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in