মিছাইল, বিমান আক্ৰমণত লাগিল আমনি ! এইবাৰ ভূমিত সমুখ সমৰত হামাছ-ইজাৰইলী সেনা

মিছাইল, বিমান আক্ৰমণত লাগিল আমনি ! এইবাৰ ভূমিত সমুখ সমৰত হামাছ-ইজাৰইলী সেনা
Published on
Updated on

ডিজিটেল ডেস্কঃ মিছাইলৰ আক্ৰমণ শেষ হ’ল ! বায়ু সেনাৰ বিমানেৰে বোমা নিক্ষেপ কৰি চলাই থকা যুদ্ধখন এইবাৰ হৈছে ভূমিত। এতিয়া ভূমিত সমুখ সমৰত নামিছে ইজৰাইলী সেনা আৰু হামাছ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানহ্যুৰ মতে তেওঁলোকে হামাছক শিপাৰ সৈতে নাশ কৰিহে শান্ত হ'ব। ইফালে হামাছো গাজা ষ্ট্ৰিপত ইজৰাইলী আক্ৰমণক প্ৰতিহত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি প্ৰতিহুংকাৰ দিছে।

হামাছে শনিবাৰে কয়, ইজৰাইলী সেনাৰ দ্বাৰা পেলেষ্টাইনী অঞ্চলত বায়ু আৰু স্থল আক্ৰমণৰ গতি বৃদ্ধি কৰাৰ পাছত গাজাত তেওঁলোকে সম্পূৰ্ণ শক্তিৰ সৈতে ইজৰাইলী সেনাক প্ৰতিহত কৰিবলৈ প্ৰস্তুত।

ইজৰাইলী সেনাৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে শুকুৰবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয়, যোৱা কেইদিনমান ধৰি সংঘটিত আক্ৰমণৰ উপৰিও, স্থল বাহিনীয়ে আজি ৰাতি তেওঁলোকৰ অভিযান সম্প্ৰসাৰিত কৰিছে। লগতে তেওঁ কৈছিল ইজৰাইলৰ বায়ু সেনাই হামাছে খনন কৰা সুৰংগ আৰু অন্যান্য আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে।

আনহাতে শনিবাৰে পুৱা হামাছে এক বিবৃতিত কয়, আল-কাচাম ব্ৰিগেড আৰু সকলো পেলেষ্টাইনী প্ৰতিৰোধ বাহিনী সম্পূৰ্ণ শক্তিৰে ইজৰাইলৰ আক্ৰমণৰ সন্মুখীন হ'বলৈ আৰু ইয়াৰ অনুপ্ৰৱেশ বিফল কৰিবলৈ প্ৰস্তুত। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কথা উল্লেখ কৰি পুনৰ কয়, নেটানহ্যু আৰু তেওঁৰ পৰাজিত সেনাই কোনো সামৰিক বিজয় অৰ্জন কৰিব নোৱাৰিব।

উল্লেখ্য যে, ৭ অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণৰ পিছৰে পৰা ইজৰাইলে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ চলাই আহিছে। কেইদিনমানৰ পূৰ্বে, ইজৰাইলে উত্তৰ গাজাৰ সীমান্তত টেংক আৰু সৈন্যও মোতায়েন কৰিছিল।

এতিয়া ইজৰাইলে বিমান আক্ৰমণৰ লগতে গাজাত স্থল আক্ৰমণ চলাই আছে। এই পৰ্যন্ত ইজৰাইলত হামাছৰ আক্ৰমণত প্ৰায় ১,৪০০ জন লোক নিহত হৈছে, যাৰ ভিতৰত বহুতো মহিলা আৰু শিশু আছিল। হামাচৰ যুঁজাৰুসকলৰ দ্বাৰা ২০০ তকৈও অধিক লোকক বন্দী কৰা হৈছে।

মিছাইল, বিমান আক্ৰমণত লাগিল আমনি ! এইবাৰ ভূমিত সমুখ সমৰত হামাছ-ইজাৰইলী সেনা
দুটা স্থানৰ দুটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in