পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক
Published on
Updated on

ডিজিটেল ডেস্কঃ পেলেষ্টানক সমৰ্থিত পোষ্ট কৰাৰ বাবে আটক এজন যুৱক। হোৱাটছএপত পেলেষ্টাইনক সমৰ্থন কৰি ষ্টেটাচ দিয়া বাবে কৰ্নাটকৰ বিজয়নগৰ আৰক্ষীয়ে আটক কৰে আলম পাশা নামৰ ২০ বছৰীয়া যুৱকগৰাকীক।

আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে, মুছলিম সংখ্যাগৰিষ্ঠতা অঞ্চলটোৰ লোকসকলে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ সময়ত পেলেষ্টাইনক সমৰ্থন কৰিছিল। ইয়াৰ লগতে যুৱকজনে ৰাষ্ট্ৰ বিৰোধী ভিডিঅ' আপলোড কৰিছিল।

ইয়াৰ পাছতে আৰক্ষীয়ে যুৱকজনক আটক কৰে। আৰক্ষীয়ে ইতিমধ্যে চিআৰপিচিৰ ধাৰা ১০৮-১৫১ ৰ অধীনত গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে জনাই যে যুৱকজনক সোধা-পোছাৰ বাবে আটক কৰা হৈছে। পৰৱৰ্তী সময়ত তেওঁক আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰা হ'ব।

উল্লেখ্য যে, ৭ অক্টোবৰত হামাছে ৰকেটেৰে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ কৰিছিল। হামাছ-ইজৰাইলৰ যুদ্ধত ভাৰতে মুকলি সমৰ্থন আগবঢ়াইছে ইজৰাইলক। তেনে পৰিপ্ৰেক্ষিতত একাংশই পেলেষ্টাইনক সমৰ্থন কৰাৰ বাবে ই শান্তি বিঘ্নিত কৰিব বুলি শংকা কৰা হৈছে।

পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক
পত্নীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in