অগ্নিগৰ্ভা কেনিয়াঃ জ্বলাই দিলে সংসদ ভৱন, ভাৰতীয়লৈ সতৰ্কতা জাৰি...

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, প্ৰাকৃতিক দুৰ্যোগত ভাৰাক্ৰান্ত দেশৰ জনতাৰ ওপৰত নতুন নতুন কৰৰ বোজা
অগ্নিগৰ্ভা কেনিয়াঃ জ্বলাই দিলে সংসদ ভৱন, ভাৰতীয়লৈ সতৰ্কতা জাৰি...
অগ্নিগৰ্ভা কেনিয়াঃ জ্বলাই দিলে সংসদ ভৱন, ভাৰতীয়লৈ সতৰ্কতা জাৰি...
Published on
Updated on

ডিজিটেল ডেস্কঃ অত্যাধিক মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, প্ৰাকৃতিক দুৰ্যোগৰ দৰে সমস্যাত বিধ্বস্ত দেশৰ নাগৰিকৰ ওপৰত আকৌ চৰকাৰে জাপিছে নতুন নতুন কৰ। চৰকাৰৰ এনে জনবিৰোধী স্থিতিত ক্ষোভিত জনসাধাৰণৰ ক্ষোভ মঙ্গলবাৰে যেন বিস্ফোৰণহে হ'ল। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে আক্ৰমণ কৰিলে সংসদ ভৱন। জ্বলাই দিলে সংসদ ভৱনৰ এটা অংশ।

কেনিয়াৰ খবৰ এয়া। দেশখনৰ শাসকীয় চৰকাৰে নানান সমস্যাৰে ভাৰাক্ৰান্ত জনতাৰ ওপৰত এটাৰ পিছত এটাকৈ জাপিছিল কৰৰ বোজা। বাদ পৰি যোৱা নাছিল জীয়াই থাকিবলৈ দৈনন্দিন খাদ্যৰ তালিকাৰ ৰুটিও।

এনে পৰিস্থিতিতে ক্ষোভিত হৈ থকা দেশখনৰ নাগৰিকৰ এই ক্ষোভৰ যেন বিস্ফোৰণ হ'ল মঙ্গলবাৰে। ক্ষোভিত জনতাই প্ৰতিবাদৰ মাজতে অগ্নিসংযোগ কৰিলে দেশখনৰ সাংসদ ভৱনত। আৰক্ষীয়ে প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশ হিচাপে কৰা গুলী চালনাত মৃত্যু হৈছে ৫ প্ৰতিবাদকাৰী। আনহাতে আহতৰ কোনো সীমা, সংখ্যা নাই।

এই পৰিস্থিতিত কেনিয়াত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। দেশখনৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ ভ্ৰমণ নকৰিবলৈও আহ্বান জনাইছে ভাৰতীয় দূতাবাসে।

উল্লেখ্য যে, মঙ্গলবাৰে কেনিয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে সংসদ ভৱনত অগ্নি সংযোগ কৰা ঘটনাত সংসদৰ এটা অংশ ভস্মিভূত হৈছে। কেনিয়াৰ প্ৰধান খাদ্য ৰুটিৰ ওপৰত শেহতীয়াকৈ চৰকাৰে আৰোপ কৰিছে ১৬ শতাংশ কৰ। ইয়াৰ পিছতেই আৰম্ভ হয় প্ৰতিবাদ। এই প্ৰতিবাদে মঙ্গলবাৰে তীব্ৰ ৰূপ ধাৰণ কৰে।

প্ৰতিবাদকাৰীসকলে সংসদ ভৱন আক্ৰমণ কৰি অগ্নি সংযোগ কৰাৰ পাছতে আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছ আৰু ৱাটাৰ কেননৰ সৈতে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে। কিন্তু তাৰ পিছতো প্ৰতিবাদকাৰীসকল ছত্ৰভংগ নিদিয়াত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।

এই গুলী চালনাতে মৃত্যু হয় ৫ জনকৈ প্ৰতিবাদকাৰী। আহতৰ সংখ্যাও বহু বেছি। এনে পৰিস্থিতিতে ভাৰতীয় দূতাবাসে সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেনিয়াত বাস কৰা ভাৰতীয়ক বাহিৰলৈ যোৱাত বা দেশখনৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যাত্ৰা নকৰিবলৈ সকিয়াই দিছে।

ভাৰতীয় দূতা বাসে এক্সত লিখিছে, বৰ্তমান উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেনিয়াৰ সকলো ভাৰতীয়কে সৰ্বোচ্চ সতৰ্কতা অবলম্বন কৰাৰ, অপ্ৰয়োজনীয় যাতায়ত নকৰাৰ লগতে পৰিস্থিতিত ঠিক নোহোৱা পৰ্যন্ত বিক্ষোভৰ কেন্দ্ৰ হৈ পৰা স্থানসমূহক এৰি চলাৰ পৰামৰ্শ দিয়া হৈছে।  

অগ্নিগৰ্ভা কেনিয়াঃ জ্বলাই দিলে সংসদ ভৱন, ভাৰতীয়লৈ সতৰ্কতা জাৰি...
গৃহকন্দলৰ ভয়ংকৰ পৰিণতিঃ পত্নীৰ প্ৰহাৰত প্ৰাণ গ'ল স্বামীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in