ৰাষ্ট্ৰসংঘত আলোচিত মণিপুৰ প্ৰসংগঃ খুৰাইজাম আথৌবাই বিশ্ববাসীক ক'লে মণিপুৰৰ কথা...

ভাৰত চৰকাৰক তিনিটা মূল বিষয়ৰ সৈতে জড়িত কৰিবলৈয়ো আহ্বান
ৰাষ্ট্ৰসংঘত আলোচিত মণিপুৰ প্ৰসংগঃ খুৰাইজাম আথৌবাই বিশ্ববাসীক ক'লে মণিপুৰৰ কথা...
ৰাষ্ট্ৰসংঘত আলোচিত মণিপুৰ প্ৰসংগঃ খুৰাইজাম আথৌবাই বিশ্ববাসীক ক'লে মণিপুৰৰ কথা...
Published on
Updated on

ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৫৭ সংখ্যক অধিবেশনত স্থান পালে মণিপুৰ প্ৰসংগই। আন্তঃৰাষ্ট্ৰীয় এই মঞ্চত মণিপুৰ প্ৰসংগত ভাষণ ৰাখিলে খুৰাইজাম আথৌবাই।

এইগৰাকী মণিপুৰী ব্যক্তি International Peace and Social Advancement (IPSA)ৰ কাৰ্যকৰী সভাপতি,  United Committee Manipur (UCM)ৰ উপসভাপতি আৰু Coordinating Committee on Manipur Integrity (COCOMI) ৰ মুখপাত্ৰ।

খুৰাইজাম আথৌবাই অধিবেশনত তেওঁ সাধাৰণ বিতৰ্কৰ সময়ত এজেণ্ডা-৩ ত “Promotion and protection of all human rights, civil, political, economic, social, and cultural rights, including the right to development” শীৰ্ষক বিতৰ্কত অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায়।

ভাষণত তেওঁ কয়, উত্তৰ-পূব ভাৰতত, বিশেষকৈ মণিপুৰত বৰ্ধিত মানৱ অধিকাৰ সংকটৰ সন্মুখীন হৈছে। সেয়ে জৰুৰী মনোযোগ আকৰ্ষণ কৰিবলৈ আমি আপোনালোকৰ সন্মুখত থিয় দিছো। যোৱা ১৫  মাহ ধৰি অসুৰক্ষিত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এই অঞ্চলটো অনিয়ন্ত্ৰিত প্ৰব্ৰজনৰ বাবে অস্থিৰতাৰ সন্মুখীন হৈ আছে।

এই অঞ্চলটোত এক সহস্ৰাব্দতকৈয়ো অধিক সময় ধৰি বসতি স্থাপন কৰি থকা থলুৱা সম্প্ৰদায়সমূহ এতিয়া অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈছে। এই অঞ্চলটো অবৈধ আফিম খেতি আৰু নাৰ্কো সন্ত্ৰাসবাদৰ দ্বাৰা পৰিচালিত সশস্ত্ৰ সংগঠনে ধ্বংস কৰিছে। UNODC ৰ প্ৰতিবেদন অনুসৰি মণিপুৰ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত সীমান্তৰ সিপাৰৰ নাৰ্কো সন্ত্ৰাসবাদ বৃদ্ধি পাইছে।

তেওঁ কয়, এক লাখ ২০ হাজাৰ একৰ ভূমিৰ অবৈধ আফিম খেতিৰ সৈতে আমি উত্তৰ পূব ভাৰতত এক গ’ল্ডেন ত্ৰায়েংগলৰ উত্থান দেখিবলৈ পাইছো। সশস্ত্ৰ সংগঠনবোৰে এই অবৈধ আফিম খেতিৰ সুৰক্ষা প্ৰদান কৰে। অবৈধ প্ৰবজিত লোকসকলে হিংসা, ড্ৰাগছৰ অপব্যৱহাৰ আৰু সন্ত্ৰাসবাদক ইন্ধন যোগান ধৰি, খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু জীৱিকাৰ প্ৰতি পোনপটীয়াকৈ ভাবুকিৰ সৃষ্টি কৰিছে।

তেওঁ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি পুনৰ কয়, মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিত অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰা সংকটে স্থানীয় উত্তেজনা বৃদ্ধি কৰিছে। এই বিষয়ে UNHCR য়ে উল্লেখ কৰিছে। এই অস্থিৰতাৰ সুযোগ গ্ৰহণ কৰিছ সশস্ত্ৰ সংগঠনবোৰে। তেওঁলোকে ইয়াৰ সুযোগ গ্ৰহণ কৰি অঞ্চলটোৰ সম্পদ আৰু নিয়ন্ত্ৰণ নিজৰ দখললৈ নিবলৈ চেষ্টা কৰিছে।

তেওঁ নিজৰ ভাষণত এই অধিবেশনতে ভাৰত চৰকাৰক তিনিটা মূল বিষয়ৰ সৈতে জড়িত কৰিবলৈয়ো আহ্বান জনাইছে। এই তিনিটা বিষয় ক্ৰমে- উত্তৰ পূব ভাৰতত অনিয়ন্ত্ৰিত প্ৰবজন আৰু ইয়াৰ দ্বাৰা খিলঞ্জীয়া লোকৰ অধিকাৰৰ ওপৰত পৰা প্ৰভাৱক অগ্ৰাধিকাৰ, মণিপুৰক প্ৰভাৱিত কৰা নাৰ্কো সন্ত্ৰাসবাদ সংকটক স্বীকৃতি প্ৰদান কৰি ইযাৰ ব্যৱস্থা গ্ৰহণ আৰু জলবায়ু পৰিবৰ্তন, প্ৰশমন খাদ্য সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অবৈধ আফিং খেতিৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ ওপৰত বিস্তৃত মূল্যায়ন।

তেওঁ এই তিনিওটা বিষয় উত্থাপন কৰি কয়, আমি এই পৰিষদক এইসমূহ বিষয়ৰ ওপৰত আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিবলৈ আৰু খিলঞ্জীয়াৰ অধিকাৰ, আঞ্চলিক স্থিৰতা আৰু পাৰিপাৰ্শ্বিক দিশৰ এই সমস্যাবোৰৰ জৰুৰী সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিচাৰিছো।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ এই অধিবেশনৰ আন কেইবাটাও আলোচনা, বিতৰ্কত অংশগ্ৰহণ কৰিব খুৰাইজাম আথৌবাই। এই আলোচনা আৰু বিতৰ্কত তেওঁ মণিপুৰ সংকটৰ ওপৰত গুৰুত্ব দিব।

তেওঁ বিশ্ববাসীক মণিপুৰৰ নাৰ্কো সন্ত্ৰাসবাদৰ শিপা, অনুপ্ৰৱেশকাৰীৰ বৰ্ধিত আক্ৰমণ যাৰ ভিতৰত আছে ড্ৰোণ আক্ৰমণ, মিছাইল, ৰকেট আক্ৰমণৰ বিষয়ে অৱগত কৰিব। তেওঁ ভাৰত চৰকাৰৰ তত্বাৱধানতে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত নতুনকৈ গঢ় লৈ উঠা গ’ল্ডেন ত্ৰায়েংগলৰ সন্দৰ্ভতো বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব।

এই সমূহৰ উপৰিও আথৌবা আৰু তেওঁৰ সহযোগী দলটোৱে এই অধিবেশনৰ সময়তে ৰাষ্ট্ৰসংঘৰ চৌহদত আন এক অনুষ্ঠানৰ পৰিকল্পনা অব্যাহত ৰাখিছে। এই অনুষ্ঠানৰ উদ্দেশ্য হ’ব দক্ষিণ পূব এছিয়া অঞ্চলৰ মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাস্তৱিক পৰিস্থিতি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠন, অংশগ্ৰহণকাৰীৰ দৃষ্টি আকৰ্ষণ। যাতে তেওঁলোকে এই অঞ্চলটোৰ সমস্যাৰ বাস্তৱিক অনুধাৱন কৰিব পাৰে।

ৰাষ্ট্ৰসংঘত আলোচিত মণিপুৰ প্ৰসংগঃ খুৰাইজাম আথৌবাই বিশ্ববাসীক ক'লে মণিপুৰৰ কথা...
চাহ জনগোষ্ঠীয় যুৱতী লাভ জেহাদৰ বলি ! ৰঙাপৰা আৰক্ষীৰ তৎপৰতাত জে'লৰ বাসিন্দা ইছমাইল আলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in