''যীচুৰ আদেশ'' ৩৭,০০০ ফুট উচ্চতাত বিমানৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰা মহিলাৰ দাবী

এগৰাকী মহিলাই বিমানৰ জৰুৰী অৱতৰণৰ কৰাত বাধ্য কৰোৱাৰ পাছত গ্ৰেপ্তাৰ হয়। মহিলা গৰাকীয়ে ৩৭,০০০ ফুট উচ্চতাত উৰি থকা বিমানৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল।

author-image
Asomiya Pratidin
New Update
আফগানিস্তানৰ দুৰ্গমস্থানত দুৰ্ঘটনাগ্ৰস্ত ভাৰতৰ পৰা গৈ থকা বিমান

ডিজিটেল ডেস্ক: এগৰাকী মহিলাই বিমানৰ জৰুৰী অৱতৰণৰ কৰাত বাধ্য কৰোৱাৰ পাছত গ্ৰেপ্তাৰ হয়। মহিলা গৰাকীয়ে ৩৭,০০০ ফুট উচ্চতাত উৰি থকা বিমানৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল। এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত।

প্ৰকাশিত খবৰ অনুসৰি ৩৪ বছৰীয়া ইলোম আগবেদানিনুৱে দাবী কৰিছিল যে তেওঁ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল কাৰণ "যীচুৱে তেওঁক বিমানৰ দুৱাৰ খুলিবলৈ আদেশ দিছিল"। এই ঘটনাটো শনিবাৰে হিউষ্টনৰ টেচাছৰ পৰা ওহাইঅ'ৰ কলম্বাছলৈ দক্ষিণ-পশ্চিম ফ্লাইট ১৯২ ত সংঘটিত হৈছিল।

উল্লেখ্য যে, মহিলা গৰাকীয়ে জৰুৰীকালীন প্ৰস্থানলৈ যাব বিচাৰিছিল আৰু পাছত তেওঁক বিমানৰ কৰ্মী সকলে বাধা দিবলৈ চেষ্টা কৰিছিল। তাৰ পাছতেই মহিলা গৰাকীয়ে বিমানৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল। মহিলা গৰাকীয়ে বিমানত থকা যাত্ৰীকো আক্ৰমণ কৰিছিল। তাৰপাছতেই বিমানৰ জৰুৰী অবতৰণ কৰিবৱ লগীয়া হৈছিল।

আৰু পঢ়ক: লখিমপুৰ জিলা আৰক্ষীৰ আন্তঃ জিলা তৰ্ক প্ৰতিযোগিতা সম্পন্ন

flight america