ডিজিটেল ডেস্ক : উত্তৰ ইউৰোপৰ লাটভিয়া দেশৰ চৰকাৰে লৈছে এক নতুন পদক্ষেপ । দেশত বিভিন্ন সময়ত সুৰামত্ত চালকৰ পৰা কৰায়ত্ত কৰা বাহন সমূহ ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে চৰকাৰে । যুদ্ধবিধ্বস্ত ইউক্ৰেইনেত বৰ্তমান চিকিৎসালয়সমূহত অভাৱ এম্বুলেঞ্চ আৰু সামৰিক বাহিনীৰ বাহন । এই অভাৱ দূৰ কৰিবলৈ ইউক্ৰেইন চৰকাৰক এক অভিনৱ উপায়েৰে সহায়ৰ হাত আগবঢ়ালে লাটভিয়া চৰকাৰে । এই নতুন আচনিত সহযোগ আগবঢ়াইছে লাটভিয়াৰ মন্ত্ৰীসকলেও । লাটভিয়াৰ ৰাজ্য সমূহত থকা বাহনো এতিয়া প্ৰেৰণ কৰা হ'ব ইউক্ৰেইনলৈ ।
বিগত বৰ্ষত লাটভিয়া চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি, কোনো চালকৰ দেহত প্ৰতি ১০০ মিলিলিটাৰ তেজত ১.৫ মিলিগ্ৰাম তেজ পালেই বাহন জব্দ কৰি লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল । যাৰ বাবে বৰ্তমান চৰকাৰৰ হাতত তেনেদৰে মজুত হোৱা সকলো বাহন ৰাওনা কৰা হৈছে ইউক্ৰেইনলৈ ।
লাটভিয়া চৰকাৰৰ এই নতুন পদক্ষেপক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে চুবুৰীয়া বহু কেইখন দেশেও ।