মাইক্ৰ'ছফ্টৰ ছাৰ্ভাৰ ডাউনঃ বিশ্বজুৰি বিমান বন্দৰ, ষ্টক এক্সেঞ্জ, স্বাস্থ্য সেৱাত অচলাৱস্থা

শীঘ্ৰেই সমস্যা সমাধানৰ আশ্বাস মাইক্ৰ'ছফ্ট
মাইক্ৰ'ছফ্টৰ ছাৰ্ভাৰ ডাউনঃ বিশ্বজুৰি বিমান বন্দৰ, ষ্টক এক্সেঞ্জ, স্বাস্থ্য সেৱাত অচলাৱস্থা
মাইক্ৰ'ছফ্টৰ ছাৰ্ভাৰ ডাউনঃ বিশ্বজুৰি বিমান বন্দৰ, ষ্টক এক্সেঞ্জ, স্বাস্থ্য সেৱাত অচলাৱস্থা
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বজুৰি মাইক্ৰ’ছফ্টৰ ছাৰ্ভাৰত দেখা দিছে ব্যাপক বিসংগতি। ফলত বিমান সেৱা, ষ্টক এক্সেছেঞ্জ, পেমেণ্ট ছিছটেমকে ধৰি বহু জৰুৰীকালীন সেৱা প্ৰায় স্তব্ধপ্ৰায় হৈ পৰিছে। ভাৰততো এই সমস্যাই বহু অসুবিধাৰ সৃষ্টি কৰিছে।

বিশেষকৈ ভাৰতৰ বিমান বন্দৰসমূহত অচলাবস্থা সদৃশ পৰিস্থিতিৰ সূচনা হৈছে। মাইক্ৰ’ছফ্টৰ ছাৰ্ভাৰৰ এই বিসংগতিৰ বাবে বিমান বন্দৰৰ টিকট, চেক ইনকে ধৰি সকলো ক্ষেত্ৰতে নানান সমস্যাই দেখা দিছে।

বাতিল কৰিবলগীয়া হৈছে এখনৰ পিছত এখনকৈ বিমান। কেৱল মাত্ৰ হায়দৰাবাদ বিমান বন্দৰতেই বাতিল কৰা হৈছে ২৩ খনকৈ বিমান।

উল্লেখ্য যে, বিশ্বজুৰি আজি পুৱাৰে পৰা মাইক্ৰ’ছফ্টৰ ছাৰ্ভাৰাত দেখা দিছে ব্যাপক বিসংগতি। ভাৰতীয় বিমান বন্দৰসমূহে মাইক্ৰ’ছফ্টৰ ক্লাউড কম্পিউটিং প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ বাবে ইয়াতো ব্যাপক বিসংগতিয়ে দেখা দিছে।

একেই অৱস্থা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰো। মাইক্ৰ’ছফ্টৰ ক্লাউড কম্পিউটিং প্লেটফৰ্ম বিমান বন্দৰৰ টিকট কটাৰ পৰা আৰম্ভ কৰি, লাগেজ ছাৰ্ভিছ, বিমান বন্দৰ পৰিচালনা সকলো ক্ষেত্ৰতে বাধাৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিত বিমান বন্দৰ কৰ্তৃপক্ষসমূহে মেনুৱেল ব্যৱস্থাৰে চেক ইন আৰু বৰ্ডিং প্ৰক্ৰিয়া সম্পন্ন কৰিবলগীয়া হৈছে। যাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে। সেয়ে যাত্ৰীসকলক সময়তকৈ বহু পূৰ্বেই বিমান বন্দৰলৈ আহিবনৈ অনুৰোধ জনাইছে।

একেই অৱস্থা ভাৰতৰ বহু কেইটা বেংকতো। ভাৰতৰ প্ৰায়সমূহ বেংকেই মাইক্ৰ’ছফ্টৰ ছাৰ্ভাৰ ব্যৱহাৰ কৰি আহিছে। ফলশ্ৰুতিত এই বেংকসমূহৰ নিয়মীয়া কাম-কাজত বিসংগতি আৰু বাধাৰ সৃষ্টি হৈছে।

ইফালে ষ্টক এক্সেঞ্জটো ইয়াৰ প্ৰভাৱ পৰিছে। লণ্ডন ষ্টক এক্সেঞ্জ ব্যাপকভাবে ক্ষতিগ্ৰস্ত হৈছে। ষ্টক এক্সেঞ্জৰ সৈতে জড়িত বিভিন্ন ব্ৰ’কাৰেজ ফাৰ্মবোৰো সমস্যাৰ সন্মুখীন হৈছে।

ফ্ৰান্সতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে। পেৰিছ অলিম্পিকক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা থকা হৈছে মাইক্ৰ’ছফ্টৰ ছাৰ্ভাৰ। সেয়ে ইয়াতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। পেৰিছ অলিম্পিকৰ আয়োজক কমিটীয়ে এই বিষয়ে অৱগত কৰিছে।

আনহাতে ব্ৰিটেইনৰ স্কাই নিউজ বৰ্ডকাষ্টিঙৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। আজি পুৱা স্কাই নিউজৰ লাইভ বৰ্ডকাষ্টিং বন্ধ হৈ থাকিল। একেই অৱস্থা নিউজ এজেঞ্চি এছ’চিয়েট প্ৰেছৰ। অষ্ট্ৰেলিয়াৰ এ বি চি নিউজো সন্মুখীন হৈছে অনুৰূপ সমস্যাৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকৌ বিভিন্ন প্ৰান্তত জৰুৰীকালীন সেৱা ৯১১ বন্ধ হৈ পৰিছে। একেদৰেই দেশখনৰ নন-ইমাৰজেঞ্চি কল চেণ্টাৰ সমূহো এই সমস্যাৰ বাবে স্তব্ধ হৈ পৰিছে।

বহু কেইখন দেশৰ আকৌ স্বাস্থ্য সেৱাতো ইয়াৰ প্ৰভাৱ পৰিছে। ইংলেণ্ডত স্বাস্থ্য সেৱা সম্পৰ্কীয় সকলো অনলাইন বুকিং বন্ধ হৈ পৰিছে। দেশখনৰ দুখন বিখ্যাত হাস্পতাল Luebeck আৰু Kiel ত আজিৰ দিনটোত নিৰ্ধাৰণ হৈ থকা সকলো ধৰণৰ অপাৰেচন স্থগিত ৰাখিছে।

অৱশ্যে মাইক্ৰ’ছফ্টে এই বিসংগতি শীঘ্ৰেই দূৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই বিসংগতি সন্দৰ্ভত মাইক্ৰ’ছফ্টক অবগত কৰাৰ প্ৰায় ছঘণ্টা পাছত এক্সৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ পৰা জনাইছে যে তেওঁলোকে এই সমস্যা দূৰ কৰিবলৈ অব্যাহত ৰখা প্ৰচেষ্টাই যথেষ্ট উন্নতি লাভ কৰিছে আৰু একাধিক সেৱা পুনৰ উপলব্ধ হৈছে।

মাইক্ৰ'ছফ্টৰ ছাৰ্ভাৰ ডাউনঃ বিশ্বজুৰি বিমান বন্দৰ, ষ্টক এক্সেঞ্জ, স্বাস্থ্য সেৱাত অচলাৱস্থা
চাদ্দাম চোৰৰ কাণ্ড দেখি আৰক্ষী আচৰিতঃ ভাৰতৰ পৰা বাংলাদেশলৈ গোপনে খান্দিলে সুৰংগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in