শ্বেখ হাছিনাৰ লগত কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোডীয়ে...

শ্বেখ হাছিনাৰ লগত কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোডীয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশ নিৰ্বাচনত জয়লাভ কৰি পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব শ্বেখ হাছিনাই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে হাছিনালৈ ফোন কৰি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

মোডীয়ে ছ'চিয়েল মিডিয়াত লিখে যে, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগত কথা পাতিলো। চতুৰ্থবাৰৰ বাবে একেৰাহে লাভ কৰা ঐতিহাসিক জয়ৰ বাবে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰো। বাংলাদেশ নিৰ্বাচনৰ সফলতাৰ বাবে জনসাধাৰণক শুভেচ্ছা। আমি বাংলাদেশৰ লগত সম্পৰ্ক আৰু অধিক মজবুত কৰিবলৈ সংকল্পবদ্ধ।

ইয়াৰ পূৰ্বে শ্বেখ হাছিনাই এক সংবাদমেল আয়োজন কৰে। নিৰ্বাচনত নিজ দল আৱামী লীগে ঐতিহাসিক জয় লাভ কৰাৰ পাছত সম্বোধন কৰা সংবাদমেলত হাছিনাই ভাৰতক প্ৰকৃত বন্ধু বুলি কয়। তেওঁ কয় যে, ভাৰত-বাংলাদেশৰ প্ৰকৃত বন্ধু। ১৯৭১ আৰু ১৯৭৫ ত আমাৰ সমৰ্থন কৰিছিল। মই সঁচা অৰ্থত ক'ব বিচাৰো যে ভাৰতৰ লগত আমাৰ সম্পৰ্ক যথেষ্ঠ ভাল।

উল্লেখ্য যে, বাংলাদেশৰ ৩০০ খন আসনযুক্ত সংসদৰ ২৯৯ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। হাছিনাৰ দলটোৱে ২২৩ খন আসনত জয়লাভ কৰি সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে এখন আসনৰ প্ৰাৰ্থী এগৰাকীৰ মৃত্যু হোৱা বাবে সেই আসনখনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব।

শ্বেখ হাছিনাৰ লগত কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোডীয়ে...
আজমলৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in