ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে নিউ জাৰ্চীৰ এখন ৰেষ্টুৰেণ্টে এক বিশেষ 'থালি' প্ৰস্তুত কৰিছে। ছেফ শ্ৰীপদ কুলকাৰ্ণীয়ে প্ৰস্তুত কৰিছে 'মোডী জী থালি'। এই থালিত আছে খিচৰি, ৰসগোল্লা, চৰছো কা চাগ, কাশ্মীৰী দম আলু, ইডলি, ধোকলা, চাচ আৰু পাপড়।
সংবাদ সংস্থা এ এন আইয়ে শ্বেয়াৰ কৰা এটা ভিজিঅ'ত দেখিবলৈ পোৱা গৈছে ছেফ গৰাকীয়ে প্ৰস্তুত কৰা নানাৰঙী থালিখন। ৰেষ্টুৰেন্টখনে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নামত দ্বিতীয়খন থালি প্ৰস্তত কৰাৰ বাবে চিন্তা চৰ্চা চলাই আছে।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ আমন্ত্ৰণ মৰ্মে ২২জুনত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নী জিল বাইডেনৰ লগত নৈশ আহাৰ গ্ৰহণ কৰিব। তেওঁৱেই হ'ব প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী যিয়ে দ্বিতীয় বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ কংগ্ৰেছৰ যুটীয়া বৈঠকত ভাষণ দিব।
Also Read: পুনৰ বড়ো বিদ্ৰোহী সহস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ, সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবী