ভাৰত-ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ লোৱা উদ্দেশ্যে ৰাছিয়ালৈ প্ৰধানমন্ত্ৰী মোডী

ভাৰত-ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ লোৱা উদ্দেশ্যে ৰাছিয়ালৈ প্ৰধানমন্ত্ৰী মোডী
Published on
Updated on

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী। ভাৰত-ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ লোৱা উদ্দেশ্যে আজি ৰাছিয়ালৈ উৰা মাৰে প্ৰধানমন্ত্ৰীগৰাকী।

জানিব পৰা মতে ৮ আৰু ৯ জুলাইৰ ভ্ৰমণ কাৰ্যসূচীত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ব্যক্তিগত বৈঠকটো মিলিত হ'ব মোডী। বৈদেশিক সচিব বিনয় কোৱাট্ৰাই উল্লেখ কৰা অনুসৰি, ভাৰত-প্ৰশান্ত মহাসাগৰীয় উন্নয়ন তেওঁলোকৰ বৈঠকৰ বিষয়বস্তু। লগতে গোলকীয় বিষয়সমূহ লৈও আলোচনাত মিলিত হ'ব নেতা দুগৰাকী।

ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়াত ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও আলোচনাত মিলিত হ'ব। ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ বাবে এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে বৈদেশিক সচিবগৰাকীয়ে । উল্লেখ কৰাটো প্ৰয়োজন যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো মস্কো ভ্ৰমণ।

আনহাতে ৰাছিয়া ভ্রমণ সামৰি মঙলবাৰে অষ্ট্ৰিয়াত উপস্থিত হ’ব মোডী। বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম অষ্ট্ৰিয়া ভ্রমণ কাৰ্যসূচী। ইতিমধ্যে মোডীৰ এই ভ্ৰমণ কাৰ্যসূচীক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভাৰত-ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত অংশ লোৱা উদ্দেশ্যে ৰাছিয়ালৈ প্ৰধানমন্ত্ৰী মোডী
বানাক্ৰান্ত চিচি টঙানি অঞ্চল পৰিদৰ্শন মিচিং জনগোষ্ঠীয় সংগঠনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in