যুদ্ধ সমাপ্তিৰ ক্ষেত্ৰত আলোচনা প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিয়াৰ আহ্বানম মোডীৰ

ইজৰাইল-হামাছৰ যুদ্ধত প্ৰাণহানি হোৱা লোকসকলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মোডীয়ে।

author-image
Asomiya Pratidin
New Update
যুদ্ধ সমাপ্তিৰ ক্ষেত্ৰত আলোচনা প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিয়াৰ আহ্বানম মোডীৰ

ডিজিটেল ডেস্কঃ ইজৰাইল-হামাছৰ যুদ্ধত প্ৰাণহানি হোৱা লোকসকলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মোডীয়ে। তেওঁ ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাৰ বিষয়টো গৰিহণা দিয়ে আৰু যুদ্ধৰ ফলত পশ্চিম এছিয়াত বৰ্ধিত প্ৰত্যাহ্বানৰ পটভূমিত গ্লোবেল চাউথৰ দেশসমূহৰ মাজত একতা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শুকুৰবাৰে দ্বিতীয় ভইচ অৱ গ্লোবেল চাউথ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মোডীয়ে এই মন্তব্য কৰে। মোডীয়ে হিংসা আৰু সন্ত্ৰাসবাদৰ ভাৰতে নিজৰ স্থিতিত অটল থকা বুলি জনায়। সন্ত্ৰাসবাদৰ ঘটনাবোৰৰ ভিতৰত আছে ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণ। প্ৰধানমন্ত্ৰীয়ে যুদ্ধ সমাপ্তিৰ বাবে আলোচনাক অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মোডীয়ে কয়, আমি সকলোৱে জানো যে পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নৰ বাবে নতুন প্ৰত্যাহ্বান আৰম্ভ হৈছে। ভাৰতে ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। আমি আলোচনা আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আমি ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাৰ বাবে তীব্ৰ গৰিহণা দিছো।

তেওঁ লগতে কয়, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছৰ সৈতে কথা পতাপ পাছত আমি পেলেষ্টাইনৰ লোকসকলৰ বাবে মানবীয় সহায় প্ৰেৰণ কৰিছো। এয়াও সময় আমি গ্লোবেল চাউথৰ সকলো একলগ হোৱাৰ।

Also Read: সমুজ্জ্বল ভট্টাচাৰ্য হৈ থাকিব মুখ্য উপদেষ্টা! আন ৪০ উৰ্ধৰ বয়োবৃদ্ধ ব্যক্তিক আঁতৰাব আছুৰ পৰা...

narendra modi Israel Israel–Hamas war