প্ৰায় ১ ঘন্টা সময় ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোডীয়ে…

প্ৰায় ১ ঘন্টা সময় ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোডীয়ে…

author-image
asomiyapratidin
New Update
ভাৰতৰ সমৰ্থন আশা কৰিছে ৰাছিয়াই, ক’লে আমি আশাবাদী…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোনযোগে বাৰ্তালাপ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে। প্ৰায় ৫০ মিনিট ধৰি দুয়োগৰাকী নেতাই কথা পাতে।

এই আলোচনাত ইউক্ৰেইনৰ ওপৰত চৰ্চা হয়। লগতে প্ৰধানমন্ত্ৰী মোডীয়ে পুটিনক আহ্বান জনাই তেওঁ যাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰে।

তদুপৰি ৰাছিয়াই ঘোষণা কৰা যুদ্ধ বিৰতিৰ প্ৰশংসাও কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।লগতে চুমীৰ পৰা ভাৰতীয় নাগৰিক সকলক উদ্ধাৰ কৰাৰ বাবেও জোৰ দিয়ে মোডীয়ে। জানিব পৰা মতে পুটিনে মোডীক আশ্বাস দিছে যে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰাত ৰাছিয়াই সকলোধৰণৰ সহায় কৰিব।

উল্লেখ্য যে, সোমবাৰে পুৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল'দিমাৰ জেলেনস্কীৰ সৈতেও টেলিফোন যোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰায় ৩৫ মিনিট সময় দুয়োয়ে কথা পাতে।

narendra modi russia ukraine vladimir putin Volodymyr Zelenskyy