আমেৰিকাত মোডীৰ সভাত বিহু প্ৰদৰ্শন প্ৰৱাসী অসমীয়াৰ...

প্ৰৱাসী ভাৰতীয় সম্বোধন নৰেন্দ্ৰ মোডীৰ
আমেৰিকাত মোডীৰ সভাত বিহু প্ৰদৰ্শন প্ৰৱাসী অসমীয়াৰ...
আমেৰিকাত মোডীৰ সভাত বিহু প্ৰদৰ্শন প্ৰৱাসী অসমীয়াৰ...
Published on
Updated on

ডিজিটেল সংবাদ নিউয়ৰ্কঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিউয়ৰ্কৰ নাছাও কলিজিয়ামত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে। এই অনুষ্ঠানতে প্ৰৱাসী অসমীয়াসকলে বিহু নৃত্য প্ৰদৰ্শনেৰে সকলোকে আকৰ্ষিত কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰাৰ সময়ত তেওঁ ভাৰতীয় সাংস্কৃতিক বৈচিত্ৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰত প্ৰৱাসী অসমীয়া সকলে প্ৰদৰ্শন কৰা বিহুৱে আনন্দ, উদযাপন, বিভিন্ন সম্প্ৰদায় আৰু ঐতিহ্যৰ সমন্বয়ক প্ৰতিনিধিত্ব কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে দেশখনত প্ৰৱাসী ভাৰতীয়সকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰতো নিজৰ ভাষণত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় প্ৰৱাসী ভাৰতীয়সকলে ভাৰত আৰু আমেৰিকাৰ মাজৰ ঐক্য আৰু বৈচিত্ৰৰ মূল্যবোধক শক্তিশালী কৰিছে।

এই অনুষ্ঠানত ২৫ হাজাৰৰো অধিক প্ৰৱাসী ভাৰতীয়ই অংশগ্ৰহণ কৰে। ইয়াৰে ১৩ হাজাৰ লোকেই আছিল সমাজৰ বিভিন্ন শ্ৰেণীক প্ৰতিনিধিত্ব কৰা ব্যক্তি।

পেনচিলভেনিয়াত বাস কৰা এগৰাকী প্ৰৱসী অসমীয়া সাগৰিকা দত্ত ভূঞাই অনুষ্ঠানটোৰ প্ৰসংগত কয়, এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত বিহু প্ৰদৰ্শন কৰাৰ সপোন আমাৰ বাস্তৱায়িত হ'ল। ই আমাক সোঁৱৰাই দিলে আমি পৃথিৱীৰ য'তেই নাথাকো আমাৰ সংস্কৃতি আৰু ঐতিহ্য সদায় আমাৰ লগতেই থাকিব।

আমেৰিকাত মোডীৰ সভাত বিহু প্ৰদৰ্শন প্ৰৱাসী অসমীয়াৰ...
BREAKING: মঙলদৈত ৪ লগৰীয়াৰ প্ৰহাৰত স্কুলতে মৃত্যু এগৰাকী ছাত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in