কাৰাগাৰৰ পৰা বাহিৰলৈ আহিও বন্দীত্বৰ জীৱন পাৰ কৰিব লাগিব আং চান চ্যু কিয়ে !

কাৰাগাৰৰ পৰা বাহিৰলৈ আহিও বন্দীত্বৰ জীৱন পাৰ কৰিব লাগিব আং চান চ্যু কিয়ে !
কাৰাগাৰৰ পৰা বাহিৰলৈ আহিও বন্দীত্বৰ জীৱন পাৰ কৰিব লাগিব আং চান চ্যু কিয়ে !
Published on
Updated on

ডিজিটেল সংবাদ বেকাজান: ম্যানমাৰৰ সামৰিক চৰকাৰে গণতান্ত্ৰিক নেত্ৰী আং চান চ্যু কিক কাৰাগৰৰ পৰা গৃহবন্দীত্বলৈ স্থানান্তৰিক কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত পৰ্যবেক্ষকসকলে এই খবৰৰ সত্যতা আছে বুলি অনুমান কৰিছে।

কিয়নো ৰাষ্ট্ৰখনত গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ ভংগ কৰি আং চান চ্যু কিকে ধৰি আন নেতাসকলক বন্দী কৰি পুনৰ সামৰিক শাসন প্ৰতিষ্ঠা কৰাৰ পাছৰে পৰা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ আহিছে সামৰিক জুণ্টাৰ চৰকাৰ। সেয়েহে চ্যু কিক কাৰাগাৰৰ পৰা বাহিৰলৈ আনি গৃহবন্দী হিচাপে ৰাখি সামৰিক জুণ্টা চৰকাৰৰ ওপৰত বৃদ্ধি পোৱা হেঁচা লাঘৱ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কোভিডৰ সময়তে ২০২১ ৰ ফেব্ৰুৱাৰীত কোভিড প্ৰ'টকল ভংগ কৰাৰ বাবেই সামৰিক জুণ্টাই ম্যানমাৰৰ গণতান্ত্ৰিক চৰকাৰক ভংগ কৰি আং চান চ্যুকিক প্ৰথমে তেওঁৰ বাসগৃহতে আৱদ্ধ কৰি ৰখাৰ পাছত বিগত বছৰৰ জুন মাহত নাইপিটাও কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ৭৮ বছৰীয়া নেত্ৰীগৰাকীক।

আং চ্যু কিৰ নেশ্যনেল লীগ ফৰ ডেমক্ৰেচি (এন এল ডি)ৰ কেন্দ্ৰীয় সদস্য ড' চেণ্ডাৰ মিনে প্ৰকাশ কৰা মতে ম্যানমাৰৰ সামৰিক শাসন ব্যৱস্থাই আং ছান চ্যু কিক কাৰাগাৰৰ পৰা গৃহীবন্দীলৈ স্থানান্তৰ কৰা হৈছে ।

অৱশ্যে এতিয়ালৈকে সামৰিক বাহিনী চৰকাৰে আনুষ্ঠানিকভাৱে আং ছান চ্যু কিৰ গৃহীবন্দী লৈ বদলি কৰা কথাটো নিশ্চিত কৰা নাই। জানিব পৰামতে অহা সপ্তাহত ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত বন্দীসকলৰ বাবে গণ ক্ষমাৰ অংশ হিচাপে শাসন ব্যৱস্থাই অপসাৰণ কৰা অসামৰিক নেত্ৰীগৰাকীক কাৰাগাৰৰ পৰা গৃহবন্দীত্বলৈ স্থানান্তৰিক কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে জুন্টাই তেওঁৰ আইনী দলটোক চ্যু কিৰ গোচৰৰ বিষয়ে সংবাদ মাধ্যমৰ সৈতে কথা পতাত বাধা দি গেগ অৰ্ডাৰ জাৰি কৰিছে।

উল্লেখযোগ্য যে বৰ্তমান সামৰিক শাসকে প্ৰথমে কোভিড প্ৰ'টকল ভংগৰ অপৰাধত আৰু পৰৱৰ্তী সময়ত দুৰ্নীতি আৰু নিৰ্বাচনী জালিয়াতি আদি অপৰাধত অভিযুক্ত কৰি ধাৰাবাহিক গোচৰ ৰুজু কৰাৰ পিছত আং ছান চ্যু কিক মুঠ ৩৩ বছৰৰ কাৰাদণ্ড বিহিছে। অৱশ্যে চ্যু কিয়ে তেওঁ সকলো অভিযোগতে নিজকে দোষমুক্ত বুলি দাবী কৰিছে।

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে আং ছান চ্যু কিক কাৰাগাৰৰ পৰা গৃহবন্দীত্বলৈ নিলেও সামৰিক শাসন ব্যৱস্থাৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় হেঁচা লাঘৱ নহ’ব। ম্যানমাৰ সামৰিক শাসন ​​ব্যৱস্থাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয়ভাৱে ধাৰাবাহিক পদক্ষেপৰ গ্ৰহণ কৰি আমেৰিকাই ম্যানমাৰৰ দুটা চৰকাৰী বেংকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

এই বিত্তীয় প্ৰতিষ্ঠান কেইটাই আন্তঃৰাষ্ট্ৰীয় বিত্তীয় লেনদেনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইফালে আছিয়ানেও ২০২১ চনৰ শেষৰ ফালৰ পৰা জুন্টা সামৰিক নেতৃত্বক আছিয়ান সন্মিলনত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ।

কাৰণ তেওঁলোকে ম্যানমাৰৰ বাবে শান্তি পৰিকল্পনা কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে। এনেদৰে ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিৰোধ আন্দোলন, দেশজুৰি নিৰ্বিচাৰ বিমান আক্ৰমণ, অভিযান আৰু স্বেচ্ছাচাৰী হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন্তৰ্জাতিক মহলে ।

মঙলবাৰলৈকে জুন্টাই বিৰোধী কাৰ্যকলাপত নিয়োজিত লোকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰি সাধাৰণ নাগৰিককে ধৰি ৩৮০০ৰো অধিক লোকক হত্যা কৰিছে। ইফালে সূত্ৰই জনোৱা মতে, যদি আং ছান চ্যু কিক কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰি গৃহবন্দী কৰা হয় তেন্তে এইবাৰ তেওঁক সম্ভৱতঃ নাইপিটাভৰ মন্ত্ৰী বাসগৃহত কটকটীয়া নিৰাপত্তাৰ সৈতে আবদ্ধ কৰি ৰখা হ’ব।

কাৰাগাৰৰ পৰা বাহিৰলৈ আহিও বন্দীত্বৰ জীৱন পাৰ কৰিব লাগিব আং চান চ্যু কিয়ে !
ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত গোৱা, গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in