ডিজিটেল ডেস্ক : ১৯৭২ চনত অশেষ আশা বুকুত বান্ধি চন্দ্ৰলৈ অন্তিম বাৰলৈ উৰা মাৰিছিল ধৰাৰ বুকুৰ পৰা এটা দল । তাৰ পাছত আজিলৈ চন্দ্ৰলৈ যোৱা সম্ভৱ হৈ উঠা নাই বিভিন্ন কাৰণবশত: । কিন্তু হেজাৰ ৰহস্য বুকুত বান্ধি বহি থকা জোনবাইৰ দেশৰ প্ৰতি জানো কাহানিবা আগ্ৰহ শেষ হ'ব মানুহে ?
কেৱল জোনবায়ে নহয় বৰং ঘোপ মৰা অন্ধকাৰে আৱৰা মহাকাশৰ প্ৰতি মানুহৰ হাবিয়াস অনুধাৱণ কৰিব পৰাতকৈ বহু বেছি । যাৰ বাবেই সম্ভৱ হৈ নুঠিলেও চন্দ্ৰলৈ উৰা মৰা প্ৰচেষ্টা অব্যাহত আছে বিভিন্ন মহাকাশ গৱেষণা কেন্দ্ৰৰ । যাৰ বাবেই নাছাৰ আৰ্টেমিছ ২ অভিযানৰ জৰিয়তে পুনৰ এবাৰ চন্দ্ৰলৈ যোৱাৰ প্ৰচেষ্টা কৰিব কিছু মহাকাশচাৰীয়ে । ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত মহাকাশলৈ উৰা মাৰিব আৰ্টেমিছ ২ ।
কিন্তু কাক কঢ়িয়াই নিব চন্দ্ৰৰ বুকুলৈ ? এই উৎকন্ঠাত এতিয়া উত্ৰাৱল বিশ্ববাসী । কিয়নো নাছাই এই পৰ্যন্ত সদৰী কৰা নাই মহাকাশচাৰীসকলৰ নাম । ২.২ মিলিয়ন কিলোমিটাৰ অতিক্ৰম কৰিব এইসকল মহাকাশচাৰীয়ে । চাৰি জনীয়া দলটিত থাকিব ৩ জনকৈ নাছাৰ মহাকাশচাৰী আৰু এগৰাকী কানাডিয়ান স্পেছ এজেন্সীৰ মহাকাশচাৰী ।
অৱশ্যে এই সকলো নাছাই নিজেই সদৰী কৰিব অতি সোনকালে । আগন্তুক এপ্ৰিলৰ ৩ তাৰিখে নাছাই ৰাজহুৱা কৰিব এই চাৰি গৰাকী মহাকাশচাৰীৰ নাম । এতিয়া অপেক্ষা মাথো ৩ এপ্ৰিললৈ ।
Also Read: বিদ্যুৎ নাই,পানীও নাই : কাজিৰঙাত এই ব্যৱস্থাৰে চলিছে জলজীৱন মিছন