ডিজিটেল ডেস্ক : নাছাৰ মহাকাশ উৎক্ষেপণ পদ্ধতিৰ দিন চমু চাপি অহাৰ সময়তে ঘোষণা কৰিলে চন্দ্ৰত অৱতৰণৰ নতুন স্থান । পূৰ্বৰ অৱতৰণ কেন্দ্ৰৰ সলনি চন্দ্ৰৰ দক্ষিণত নতুন সম্ভাৱনাপূৰ্ণ অৱতৰণ স্থানৰ কথা ঘোষণা নাছাৰ । ২৯ আগষ্টত ৪২ দিনৰ বাবে চন্দ্ৰলৈ উৰা মাৰিব আৰ্টেমিছ-১ । এই নতুন স্থানে অহা দুবছৰত চন্দ্ৰৰ বুকুলৈ চলা সকলো অভিযানক কৰিব সহায় ।
উল্লেখ্য যে, আৰ্টেমিছ-১ হৈছে নাছাৰ আৰ্টেমিছ প্ৰকল্পৰ চালকবিহীন এক পৰীক্ষণমূলক বাহন । এই বাহনখন নাছাৰ প্ৰথমখন গধুৰ সামগ্ৰীবাহক উৎক্ষেপক বাহন, তাৰ ওপৰিও অ'ৰিয়ন মহাকাশযানৰ প্ৰথমখন বাহন এই আৰ্টেমিছ-১ । অ'ৰিয়নে আগন্তুক সময়ছোৱাত চন্দ্ৰক প্ৰদক্ষিণ কৰিবলৈ বিভিন্ন কক্ষপথৰ ওপৰত চলাব পৰীক্ষণ ।
আৰু পঢ়ক : ১.৩৫ কোটি মহিলাক ৩ বছৰৰ ইণ্টাৰনেট সংযোগৰ সৈতে বিনামূলীয়াকৈ প্ৰদান কৰিব স্মাৰ্টফোন…