ভাৰত-বাংলাদেশৰ মাজত ৰে'ল সংযোগৰ নতুন চুক্তিঃ মুঠ ১২ টা পথত চলিব ৰে'ল...

পশ্চিমবংগৰ পৰা অসম, মেঘালয়, বাংলাদেশ হৈ ত্ৰিপুৰালৈ চলিব ৰেল, ভাৰতৰ ভূখণ্ড ব্যৱহাৰ কৰি নেপাল, ভূটানক সংযোগ কৰিব বাংলাদেশে
ভাৰত-বাংলাদেশৰ মাজত ৰে'ল সংযোগৰ নতুন চুক্তিঃ মুঠ ১২ টা পথত চলিব ৰে'ল...
Published on
Updated on

মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশ আৰু ভাৰতৰ মাজত ৰে'ল পৰিবহনৰ চুক্তিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক টেন্স এছিয়ান নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে। বাংলাদেশৰ ৰে'ল পথ ব্যৱহাৰ কৰি পশ্চিমবংগৰ পৰা অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ সৈতে পোনপটিয়াকৈ ৰে'ল সংযোগ স্থাপন কৰা হ'ব। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে মুঠ ১২ টা ৰে'ল পথত সামগ্ৰী আৰু যাত্ৰীবাহী ৰে'ল চলাচল কৰিব। আনহাতে এই নতুন চুক্তিৰ ফলত বাংলাদেশ ৰে'লৱেয়ে ভাৰতৰ ভূখণ্ড ব্যৱহাৰ কৰি নেপাল আৰু ভূটানলৈ যাব পাৰিব।

সম্প্ৰতী নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ মাজত দুই দেশৰ ৰে'লৱেক লৈ ১৩ টাকৈ ঘোষণা কৰিছে। এই ঘোষণাৰ প্ৰথমতে আছে ৰাজশ্বাহী আৰু কলকাতাৰ মাজত নতুন ৰে'ল সেৱা আৰম্ভ, ভাৰতীয় ৰে'ল কৰিডৰ লৈ নতুন চুক্তি। ইয়াৰ ফলত ৭৭ বছৰ পিছত ৰাজশ্বাহী আৰু কলকাতাৰ মাজত পুনৰ ৰে'ল সেৱা আৰম্ভ হ'ব। এয়া হ'ব বাংলাদেশ আৰু ভাৰতৰ মাজত চলাচল কৰা চুৰ্থ আন্তঃদেশীয় ৰে'ল।

ইয়াৰোপৰি এই চুক্তিৰ গুৰুত্বপূৰ্ণ আন কিছু দিশ হৈছে বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰি ভাৰতৰ কলকাতাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ ১২ টা পথত সামগ্ৰী আৰু যাত্ৰীবাহী ৰে'ল চলাচলৰ সুবিধা। এই নতুন পৰিকল্পনাৰ আওঁতাত মুঠ ১,২৭৫ কিলোমিটাৰ দীঘল ৰে'লপথৰ ১৪ টা ছেকছন থাকিব। ইয়াৰ ভিতৰত বাংলাদেশৰ ভিতৰত থাকিব ৮৬১ কিলোমিটাৰ ৰে'ল পথ। সেইদৰে নেপালত ২০২ কিলোমিটাৰ আৰু উত্তৰ পূৰ্বাঞ্চলত ২১২ কিলোমিটাৰ।

প্ৰস্তাৱ অনুসৰি ভাৰত আৰু নেপালৰ মাজত ৰে'ল সংযোগৰ বাবে অনুমোদিত পথ বিৰাটনগৰ-নিউ মাল জং ছেকছনৰ ১৯০ কিলোমিটাৰ নতুন ৰে'ল লাই নিৰ্মাণৰ প্ৰয়োজন হৈ উঠিছে। একেদৰে গালগালিয়া-ভদ্ৰপুৰ-কাজলী বজাৰ ছেকছনৰ ১২.৫ কিলোমিটাৰ নতুন ৰে'ল লাইন নিৰ্মাণৰ প্ৰয়োজন হ'ব।

ভাৰত আৰু বাংলাদেশৰ মাজত অনুমোদিত ৰে'ল পথ

  1. বালুঘাট-হিলি-পাৰ্বতীপুৰ-কাউনিয়া-লালমনিৰহাট-মোগলহাট-গীতালদহ। ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'লপথত ১৪ কিলোমিটাৰ হ'ব নতুন ৰে'ল লাইন আৰু ১৮ কিলোমিটাৰৰ গজ সলনি কৰা হ'ব।

  2. বালুৰঘাট-গীতলদহ-বামনহাট-সোণাহাট-গোলোকগঞ্জ-ধুবুৰী। এই পথৰ দৈৰ্ঘ্য হ'ব ৫৬ কিলোমিটাৰ। যাৰ ভিতৰত ৩৮ কিলোমিটাৰ হ'ব নতুন ৰে'ল লাইন আৰু ১৮ কিলোমিটাৰৰ গজ সলনি কৰা হ'ব।

  3. বালুৰঘাট-হিলি-গাইবান্ধা-মহেন্দ্ৰগঞ্জ-তুৰা-মেন্দিপাথৰ ছেকছনৰ ২৫০ কিলোমিটাৰ নতুন ৰে'ল লাইন নিৰ্মাণ কৰা হ'ব।

  4. মঙ্গুৰজান-পীড়গঞ্জ-ঠাকুৰগাওঁ-পঞ্চগড়-হালদিবাৰী লাইনৰ ৬০ কিলোমিটাৰ নতুন ৰে'ল লাইন নিৰ্মাণ কৰা হ'ব।

  5. ডালখোলা-পীড়গঞ্জ-ঠাকুৰগাওঁ-পঞ্চগড়-হালদিবাৰী অংশৰ ৮০ কিলোমিটাৰ নতুন ৰে'ল লাই নিৰ্মাণ কৰা হ'ব।

  6. ৰাধিকাপুৰ-বিৰল-পাৰ্বতীপুৰ-কাউনিয়া-গীতলদহ ছেকছনৰ দৈৰ্ঘ্য হ'ব ৩২ কিলোমিটাৰ। ইয়াৰ ভিতৰত ১৪ কিলোমিটাৰ নতুন ৰে'ল লাইন আৰু ১৮ কিলোমিটাৰ গজ সলনি কৰা হ'ব।

  7. বিলোনিয়া-ফেনী-চট্টগ্ৰাম পথৰ দৈৰ্ঘ্য হ'ব ১৩১ কিলোমিটাৰ। যাৰ ভিতৰত ৩৮ কিলোমিটাৰ নতুন ৰে'ল লাইন আৰু ৯৩ কিলোমিটাৰ হ'ব গজ পৰিবৰ্তন।

  8. গেডে-দৰ্শনা-ঈশ্বৰদী-টঙ্গী-ভৈৰৱ বজাৰ-আখাউড়া-আগৰতলা পথৰ ১০০ কিলোমিটাৰ পথৰ গজ পৰিবৰ্তন কৰা হ''ব।

  9. পেট্ৰাপোল-বেনাপোল-নাভাৰন-যশোৰ-ৰূপদিয়া-পদ্মবিলা-লোহাগাৰা-কাশিয়ানী-শিবচৰ-মাওৱা-নিমতল-গেণ্ডাৰিয়া-ঢাকা, টঙ্গী-ভৈৰৱ বজাৰ-আখাউৰা-আগৰতলা পথৰ ১২০ কিলোমিটাৰ গজৰো পৰিবৰ্তন প্ৰয়োজন হ'ব।

  10. বালুৰঘাট-হিলি-পাৰ্বতীপুৰ-কাউনিয়া-লালমনিৰহাট-মোগলহাট-গীতালদহ অংশৰ পথৰ মুঠ দৈৰ্ঘ ৩২ কিলোমিটাৰ। ইয়াৰ ১৪ কিলোমিটাৰৰ ট্ৰেক স্থাপন কৰিব লাগিব বাকী ১৮ কিলোমিটাৰৰ বাবে গজ পৰিবৰ্তন কৰিব লাগিব।

  11. বালুৰঘাট-হিলি-গাইবান্ধা-মহেন্দ্ৰগঞ্জ-তুৰা-মেন্দিপাথাৰৰ বহু কেইটা পথ আছে। ইয়াৰে ২৫০ কিলোমিটাৰ পথত সম্পূৰ্ণৰূপে নতুন ট্ৰেক স্থাপন কৰিব লাগিব।

  12. ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বিকল্প পথৰ মাজত ফোৰ্বছগঞ্জ-লক্ষ্মীপুৰ ছেকছনৰ ১৭.৬০ কিলোমিটাৰৰ ট্ৰেক নতুনকৈ নিৰ্মাণ কৰিব লাগিব। ঠাকুৰগঞ্জ-ছাত্তাৰহাট ছেকছনত নতুন পথ হ'ব ২৪.৪০ কিলোমিটাৰ। কুমেদপুৰ-আম্বাৰি ফালাকাটা নতুন পথত ১৭০ কিলোমিটাৰ ৰে'ল লাইন নিৰ্মাণৰ প্ৰয়োজন হ'ব।

নতুন এই ৰে'ল পথক লৈ বাংলাদেশ ৰে'লৱেৰ মহাপ্ৰবন্ধক ছৰদাৰ ছাহাদাত আলিয়ে কয়, ভাৰতে যদি চট্টগ্ৰাম বন্দৰৰ পৰা সামগ্ৰী পৰিবহণ কৰিবলৈ বিচাৰে তেন্তে ট্ৰানজিট বা ট্ৰানশ্বিপমেণ্ট পলিচিৰ আওঁতাত আগৰতলা-আখাউড়াৰে সেয়া কৰিব পাৰিব। কুলউৰা-শ্বাহবাজপুৰ-কৰিমগঞ্জ পথৰ কাম চলি আছে। প্ৰাস্তাৱিত পথ হিচাপে আছে ফেনী-বিলোনিয়া। বুৰিমাৰী-চেংৰাবান্ধা, মোগলহাট-গীতলগাওঁ পথৰ কথাও ভবা হৈছে।

তেওঁ পুনৰ কয় যে, আগৰতলা-আখাউৰা হৈ কলকাতা পৰ্যন্ত পোনপটিয়া ট্ৰেনজিত নহ'ব। কাৰণ আখাউৰা হৈ টঙ্গী পৰ্যন্ত আছে মিটাৰগজ ট্ৰেক। আমি চিন্তা কৰিছো পদ্মা ব্ৰীজ পাৰ হোৱাৰ পাছত নিমতলীত আভ্যন্তৰিণ কণ্টেইনাৰ ডিপু বা আই চি ডি কৰিম। তাৰ পৰা ট্ৰান্সশ্বিপমেণ্ট কৰি সামগ্ৰী কলকাতালৈ যাব।

তাৰোপৰি তেওঁ কয়, ভাৰতৰ পৰা মালবাহী বা যাত্ৰীবাহী ৰে'ল যিয়েই চলিব আমি তাৰ পৰা এক ৰাজহ লাভ কৰিম। টাৰিফ কমিচনে ভাড়া ঠিক কৰিব। তাৰ পৰা দেশ আৰ্থিকভাৱে লাভাম্বিত হ'ব। ইয়াত এককভাৱে লাভাম্বিত হোৱাৰ কোনো সুযোগ নাই। যাত্ৰীবাহী ৰে'লতকৈ আমাৰ মালবাহী ৰে'লৰ পৰা সাতৰ পৰা আঠগুণ অধিক লাভ অৰ্জন কৰিম।

ইফালে বেচৰকাৰী সংস্থা চিপিডিৰ সন্মানীয় ফেলো মোস্তাফিজুৰ ৰহমানে কয় যে, নতুন ট্ৰেনজিট চুক্তি বাস্তবায়িত হলে ভাৰতে বাংলাদেশৰ ভিতৰেদি ৰে'ল পথেৰে পোনপটিয়াকৈ সামগ্ৰী পৰিবহণৰ সুবিধা পাব। ফলত ভাৰতৰ সামগ্ৰী পৰিবহনৰ ব্যয় যথেষ্ট হ্ৰাস পাব। সেয়েহে তেওঁলোকে সঞ্চয় কৰা ধনৰ পৰিমাণ বিবেচনা কৰি, এক লাভালাভ ভাগ-বতৰা কৰা হ'ব। অৰ্থাৎ যদি ভাৰতৰ এতিয়া সামগ্ৰী কঢ়িৱাওঁতে ৩০ টকা খৰচ কৰিছে এই ব্যৱস্থা কাৰ্যকৰী হলে ১০ টকাহে খৰচ হ'ব। তেওঁলোকে বাংলাদেশক দিব লাগিব ১০ টকা। তাৰ পাছতো ভাৰত ১০ টকা লাভত থাকিব।

ভাৰত-বাংলাদেশৰ মাজত ৰে'ল সংযোগৰ নতুন চুক্তিঃ মুঠ ১২ টা পথত চলিব ৰে'ল...
বোন্দা আঞ্চলিক হাই স্কুলত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সন্দৰ্ভত কৰ্মশালা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in