ৰসায়ন বিজ্ঞানৰ ন'বেল বটা কেৰ'লীন আৰ বেৰট’জি, মৰ্টেন মেলডাল আৰু বেৰী শ্বাৰ্পলেছলৈ...

author-image
Asomiya Pratidin
New Update
ৰসায়ন বিজ্ঞানৰ ন'বেল বটা কেৰ'লীন আৰ বেৰট’জি, মৰ্টেন মেলডাল আৰু বেৰী শ্বাৰ্পলেছলৈ...

ডিজিটেল ডেস্ক : বুধবাৰে ষ্টকহ'মৰ ৰয়েল চুইডিশ্ব একাডেমী অৱ চায়েঞ্চত ২০২২ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বটা আগবঢ়োৱা হয় তিনি গৰাকী বিজ্ঞানীলৈ । ৰসায়ন বিজ্ঞানৰ অণুৰ জৈৱ সংযোজনৰ ক্ষেত্ৰ খনলৈ আগ বঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২২ বৰ্ষৰ ন'বেল বটা আগবঢ়োৱা হৈছে ক্ৰমে কেৰ'লীন বেৰট’জি, মৰ্টেন মেলডল আৰু বেৰী শ্বাৰ্পলেছলৈ ।

ইয়াৰ সৈতেই, দুটা ন'বেল বটা লাভ কৰা পঞ্চম গৰাকী ব্যক্তি হ'ল বেৰী শ্বাৰ্পলেছ আৰু ৰসায়ন বিজ্ঞানত দুটা ন'বেল বটা লাভ কৰা একমাত্ৰ ব্যক্তি । ইয়াৰ পূৰ্বে, ২০১০ বৰ্ষত ন'বেল বটা লাভ কৰিছিল বেৰী শ্বাৰ্পলেছে ।

আনহাতে, বেৰট'জি ৰ শেহতীয়া গৱেষণা 'বাইয়' অৰ্থ'গ'নেল' এ শৰীৰৰ কোষৰ ক্ষতি নোহোৱাকৈ ইয়াৰ ওপৰত বিভিন্ন পৰীক্ষা কৰিবলৈ সক্ষম হোৱা প্ৰযুক্তিৰ বাবে লাভ কৰে ন'বেল বটা ।

সামগ্ৰিকভাৱে জীৱিত কোষৰ অণুৰ সংযোজনৰ বাবে চলোৱা ঐতিহাসিক সম্পৰীক্ষাৰ বাবে এই তিনিওগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হ'ল চলিত বৰ্ষৰ ন'বেল বটা ।

nobel prize chemistry