ঘোষণা কৰা হ'ল অৰ্থনীতিৰ ২০২২ বৰ্ষৰ ন'বেল বটাঁ...

author-image
Asomiya Pratidin
New Update
ঘোষণা কৰা হ'ল অৰ্থনীতিৰ ২০২২ বৰ্ষৰ ন'বেল বটাঁ...

ডিজিটেল ডেস্ক : ৰয়েল চুইডিছ একাডেমী অৱ চায়েঞ্চে ঘোষণা কৰিলে ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বটাঁ । আমেৰিকান মূলৰ বেন এছ বাৰ্নানকে, ডগ্লাছ ডায়মণ্ড আৰু ফিলিপ ডাইভিগলৈ আগবঢ়োৱা হ'ল চলিত বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বটাঁ । বেংক আৰু অৰ্থনৈতিক সংকটৰ ওপৰত কৰা গৱেষণাৰ বাবে এই তিনিগৰাকী অৰ্থনীতিবিদলৈ আগবঢ়োৱা হৈছে ন'বেল বটাঁ ।

এই সন্দৰ্ভত নৰৱেজিয়ান ন'বেল বটা কমিতিয়ে দিয়া ভাষ্য অনুসৰি, বিগত কিছু বছৰত বৃদ্ধি পাইছে বেংক আৰু অৰ্থনীতিত ইয়াৰ প্ৰভাৱ সম্পৰ্কে হোৱা গৱেষণাৰ পৰিমাণ । যাৰ ফলত বৃদ্ধি পাইছে এই গৱেষণাৰ অনুধাৱন ।

ইয়াৰ সৈতেই বেন এছ বাৰ্নানকে, ডগ্লাছ ডায়মণ্ড আৰু ফিলিপ ডাইভিগৰ গৱেষণাই এনে এক জটিল সময়ত বেংক আৰু ইয়াৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত সমস্যা সমূহ সমাধান কৰাত সহায় কৰিব বুলিও মন্তব্য আগবঢ়াই কমিতিখনে ।

উল্লেখ্য যে, বাৰ্নানকে ২০০৬ চনৰ পৰা ২০১৪ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ ১৪ সংখ্যক অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । সেই সময়তেই ২০০০ চনৰ অৰ্থনৈতিক সংকটৰ ক্ষেত্ৰত ফেডাৰেল ৰিজাৰ্ভৰ ভূমিকা সন্দৰ্ভত এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছিল বাৰ্নানকে । যাৰ বাবে ২০০৯ বৰ্ষত টাইম আলোচনীৰ বৰ্ষটোৰ ব্যক্তি ৰূপে ঘোষণা কৰা হৈছিল বাৰ্নানকেৰ নাম ।

আনহাতে, ডায়মণ্ড আৰু ফিলিপে প্ৰস্তুত কৰিছিল বেংক সমূহৰ অস্তিত্ব সম্পৰ্কে এক ত্বাত্তিক আৰ্হি । ইয়াৰ ওপৰিও বেংকসমূহৰ দুৰ্বলতা সম্পৰ্কে প্ৰকাশ কৰিছিল সমাধানৰ তালিকা ।

america nobel prize