ডিজিটেল সংবাদ, ডিমাপুৰ: যি কোনো পৰিস্থিতিতেই নগাৰ ৰাষ্ট্ৰীয় পৰিচয়ৰ প্ৰতীক নাগা জাতীয় পতাকা আৰু সংবিধান (ইয়েজাবো) ত্যাগ কৰিব নোৱাৰে । এই মন্তব্য কৰে এন এছ চি এন(আই এম)য়ে।
দেওবাৰে জাৰি কৰা এক বিবৃতিত সংগঠনটোৱে কয় যে "নাগা ৰাজনৈতিক সমস্যা সমাধানৰ অংশ হিচাপে এনএছচিএন য়ে নাগা ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানক (ইয়েজাবো) যথেষ্ট গুৰুত্ব দি আহিছে। সেয়েহে, এনএছচিএন-য়ে কোনো পৰিস্থিতিত নাগা ৰাষ্ট্ৰীয় পৰিচয়ৰ প্ৰতীক এই মূল বিষয়বোৰ ত্যাগ কৰিব নোৱাৰে।
এনএছচিএন (আইএম)য়ে কয় যে তেওঁলোকে বাৰে বাৰে দৃঢ় স্থিতি গ্ৰহণ কৰিছে যে কেতিয়াও নাগা ৰাষ্ট্ৰীয় নীতিৰ পৰা বিচ্যুত নহয়। নাগা ইতিহাসক বজাই ৰাখিব আৰু সুৰক্ষিত কৰিব সদায়।
উল্লেখ্য যে যোৱা ৩১ মে'ত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় সভাত এন এছ চি এনয়ে যিকোনো পৰিস্থিতিতেই নাগা ইতিহাস আৰু নাগা ৰাষ্ট্ৰীয় নীতিক বজাই ৰখা আৰু সুৰক্ষিত কৰাৰ সিদ্ধান্তও লৈছিল।
আৰু পঢ়ক: গুজৰাট মিছনত 'আপ' ! বিজেপিৰ বাবে শক্তিশালী বিৰোধী হোৱাৰ পথত নেকি কেজৰিৱাল…