পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ৩ সন্ত্ৰাসবাদী নিহত...

পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ৩ সন্ত্ৰাসবাদী নিহত...

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ৩ সন্ত্ৰাসবাদী নিহত...

পাকিস্তানৰ বায়ু সেনা ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ৩ সন্ত্ৰাসবাদী নিহত...

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাই পাকিস্তানৰ এটা বায়ু সেনাৰ ঘাটিত সন্ত্ৰাসবাদী গোটে আক্ৰমণৰ চেষ্টা চলাই ব্যৰ্থ হয়। পাকিস্তানৰ সংবাদ মাধ্যম ডনৰ খবৰ অনুসৰি পুৱাই দেশখনৰ বায়ু সেনাৰ প্ৰশিক্ষণ ঘাটি মিয়ানৱালিত সন্ত্ৰাসবাদীৰ এটা গোটে আক্ৰমণৰ চেষ্টা চলায়।

এই ঘটনাত ৩ খন বিমান আৰু এটা ইন্ধন বাউচাৰৰ ক্ষতি সাধন হৈছে। অৱশ্যে বায়ু সেনাৰ এই ঘাটিৰ সুৰক্ষাত নিয়োজিত কৰ্মী সকলে সন্ত্ৰাসবাদীৰ এই আক্ৰমণ ব্যৰ্থ কৰে।

সুৰক্ষী কৰ্মীৰ প্ৰতি আক্ৰমণত তিনিটাকৈ সন্ত্ৰাসবাদী নিহত হৈছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন তেহৰিক -ই- জিহাদে।

উল্লেখ্য ইয়াৰ পূৰ্বে বিগত সপ্তাহত বেলুচিস্তানৰ দুটা ভিন্ন স্থানত সেনা, আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদী গোটে চলাইছিল আক্ৰমণ। বেলুচিস্তানৰ খাইবাৰ পাখটুংখাত হোৱা এই আক্ৰমণত ১৭ জনকৈ সেনা জোৱান নিহত হৈছিল।

বেলুচিস্তানৰ গোৱাদৰ, ডেৰা ইছমাইল নামৰ এটা ভিতৰুৱা অঞ্চলতো ৰিম'ৰ্ট ক'ণ্ট্ৰল বিস্ফোৰণ সংঘটিত হৈছিল। একেদৰে ডি এল খানত আন এটা ৰিম'ট ক'ণ্ট্ৰল বিস্ফোৰণ সংঘটিত হৈছিল। এই আক্ৰমণত ৫ জন আৰক্ষীৰ লোক নিহত হোৱাৰ লগতে ২৪ জন লোক আহত হৈছে।

Also Read: বিশ্বকাপৰ পৰা বাহিৰ পাণ্ডিয়াঃ ইডেন গাৰ্ডেনত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় শিবিৰত মোক্ষম আঘাত...

পাকিস্তান সন্ত্ৰাসবাদ