পাকিস্তানত বোমা বিস্ফোৰণঃ ৩৯ নিহতৰ বিপৰীতে আহত ২০০ৰো অধিক

পাকিস্তানত বোমা বিস্ফোৰণঃ ৩৯ নিহতৰ বিপৰীতে আহত ২০০ৰো অধিক

Published on

ডিজিটেল ডেস্কঃ পাকিস্তানত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা। দেশখনৰ ৰাজনৈতিক সন্মিলন জমিয়ত উলেমা ইছলাম-ফজল (জেইউআই-এফ) সন্মিলনত সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণত কমেও ৩৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২০০জনৰো আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

দেশখনৰ বাজাউৰ জিলাৰ খাইবাৰ পাখতুনখোৱাৰ খাৰ তহচিল নামৰ ঠাইত অনুষ্ঠিত হোৱা ৰাজনৈতিক সন্মিলনখনত অংশগ্ৰহণ কৰিছিল শতাধিক লোকে। এই ঘটনাত এজন স্থানীয় জেইউআই-এফ নেতাও নিহত হোৱাৰ কথা জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি এজন আত্মঘাতি বোমাৰুৱে এই ঘটনা সংঘটিত কৰে।

ঘটনাত আহত লোকসকলক বৰ্তমান স্থানীয় চিকিৎসালয়লৈ প্ৰৰণ কৰাৰ লগতে গুৰুতৰভাবে আহতসকলক হেলিকপ্টাৰৰ যোগে উন্নত চিকিৎসাৰ বাবে জিলাখনৰ চহৰাঞ্চলৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

পাকিস্তানত বোমা বিস্ফোৰণঃ ৩৯ নিহতৰ বিপৰীতে আহত ২০০ৰো অধিক
ধেমাজি বিষ্ণুপুৰত সত্ৰীয়া নৃত্য ও বৰগীত প্ৰশিক্ষণৰ সফল সামৰণি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in