ডিজিটেল ডেস্কঃ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰৰ শ্বাদমান চকৰ নাম সলনি কৰি ছহিদ ভগৎ সিঙৰ নামত পুনৰ নামাকৰণ আৰু সেই স্থানত ভগৎ সিঙৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া তাৰিক মজিদৰ মতামতৰ পাছত বাতিল কৰা হৈছে। লাহোৰ জিলা প্ৰশাসনে এই বিশয়ে উচ্চ ন্যায়ালয়ক অৱগত কৰিছে।
শুকুৰবাৰে লাহোৰ উচ্চ ন্যায়ালয়ৰ সহকাৰী এডভোকেট জেনেৰেল আছঘৰ লেঘাৰীৰ দ্বাৰা দাখিল কৰা এক লিখিত উত্তৰত স্বাধীনতা সংগ্ৰামী ভগৎ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।
ন্যায়ালয়ক লাহোৰ মেট্ৰ’পলিটান কৰ্পোৰেচনে জনাইছে যে, শ্বাদমান চকক ভগৎ সিঙৰ নামত পুনৰ নামাকৰণ আৰু তাঁত তেওঁৰ মূৰ্তি স্থাপন কৰাৰ পৰিকল্পনা অৱসৰপ্ৰাপ্ত কামাণ্ডাৰ তাৰিক মজিদৰ এক পৰ্যবেক্ষণৰ ভিত্তিত বাতিল কৰা হৈছে। ভগৎ সিং মেমৰিয়েল ফাউণ্ডেচন, পাকিস্তানৰ অধ্যক্ষ ইমতিয়াজ ৰছিদ কুৰেছিয়ে লাহোৰ উচ্চ ন্যায়ালয়ত দাখিল কৰা এক অৱমাননা সম্পৰ্কীয় গোচৰত এই কথা উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, অৱসৰপ্ৰাপ্ত সেনা বিষয়া তাৰিক মজিদ চৰকাৰৰ দ্বাৰা চৰকাৰৰ দ্বাৰা শ্বাদমান চকক ছহিদ ভগৎ সিং চক হিচাপে পুনৰ নামাকৰণৰ এক কমিটীত নিযুক্ত আছিল। তেওঁ গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি দাবী কৰিছে ভগৎ সিং কোনো বিপ্লৱী নাছিল। তেওঁ আছিল এগৰাকী অপৰাধী। আজিৰ ভাষাত তেওঁ এজন সন্ত্ৰাসবাদী। তেওঁ এজন ব্ৰিটিছ কৰ্তব্যৰত আৰক্ষীক হত্যা কৰিছিল। এই অপৰাধৰ বাবে তেওঁক আন দুই সতীৰ্থৰ সৈকে ফাঁচি দিয়া হৈছিল।
মজিদে চৰকাৰলৈ আহ্বান জনাইছে যে, শ্বাদমান চকৰ নাম ভগৎ সিঙৰ নামেৰে নামাকৰণ কৰা উচিত নহয়। তাঁত তেওঁৰ মূৰ্তি নিৰ্মাণ কৰা উচিত নহয়। তেওঁ দাবী কৰিছে ভগৎ সিং ধৰ্মীয় নেতাৰ দ্বাৰা প্ৰভাৱিত আছিল। যিসকলৰ মুছলমানৰ প্ৰতি শত্ৰুতা আছিল।
মজিদৰ মতে ভগত সিং ফাউণ্ডেছচনে পাকিস্তানৰ সাংস্কৃতিক আৰু ইছলামিক আদৰ্শৰ বিৰুদ্ধে কাম কৰি আছে। সেয়ে এই সংগঠনক পাকিস্তানত নিষিদ্ধ কৰিব লাগে। মজিদে প্ৰশ্ন কৰি কয়, ভগৎ সিং ফাউণ্ডেচনৰ কৰ্মকৰ্তাই যি নিজকে মুছলমান হিচাপে পৰিচয় দিয়ে তেওঁলোকে নাজানে নেকি পাকিস্তানত নাস্তিকৰ নামত কোনো স্থানৰ নামাকৰণ কৰা নহয় আৰপু মানৱ মূৰ্তি স্থাপন কৰা কাৰ্যক ইছলামে সমৰ্থন নকৰে।
এই আইনগ যুদ্ধৰ সন্দৰ্ভত ভগৎ সিং মেমৰিয়েল ফাউণ্ডেচন, পাকিস্তানৰ অধ্যক্ষ ইমতিয়াজ ৰছিদ কুৰেছিয়ে কয় যে, ভগৎ সিঙক এজন মহান বিপ্লৱী, স্বাধীনতা সংগ্ৰামী আৰু ছহিদ হিচাপে ঘোষণা কৰা হৈছে। আমি অৱসৰপ্ৰাপ্ত কামাণ্ডাৰ মজিদলৈ আইনী জাননী প্ৰেৰণ কৰিম আৰু তেওঁৰ এনে বক্তব্যৰ বিৰোধিতা কৰিছো।
কুৰেছিয়ে লাহোৰ জিলা চৰকাৰ, লাহোৰৰ ডেপুটি কমিছনাৰ, পঞ্জাৱ প্ৰদেশৰ প্ৰধান সচিব আৰু জিলা চৰকাৰৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে। য’ত কৈছে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত লাহোৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শ্বাহিদ জামিল খান সংশ্লিষ্ট কৰ্তৃপক্ষক শ্বাদমান চকক ভগৎ সিঙৰ নামত নামাকৰণ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু আদালতৰ আদেশ আজিও কাৰ্যকৰী হোৱা নাই।
লাহোৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শ্বামছ মাহমুদ মীৰজাই এই গোচৰৰ শুনানিৰ দিন ২০২৫ ৰ ১৭ জানুৱাৰী নিৰ্ধাৰণ কৰিছে।
Also Read: নিৰ্বাচন ৫ সমষ্টিত, চৰ্চাত কেৱল চামগুৰি আৰু বিহালী...