ডিজিটেল ডেস্কঃ চলিত বছৰত পাকিস্তানত ১০ জনকৈ সাংবাদিকে প্ৰাণ হেৰুৱালে। শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰখনৰ জ্যেষ্ঠ সাংবাদিক নিছাৰ লেহৰীক ৪ ছেপ্টেম্বৰ, বুধবাৰে বেলুচিস্তানৰ মাষ্টুং এলেকাত গুলীয়াই হত্যা কৰে। এই ঘটনাক নিন্দা কৰি পি ই চিয়ে পাকিস্তানক কৰ্মৰত সাংবাদিকৰ কবৰস্থানলৈ পৰিণত কৰিছে বুলি উল্লেখ কৰিছে।
পি ই চিয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে বেলুচিস্তানৰ মাষ্টুং এলেকাত মাষ্টুং প্ৰেছ ক্লাবৰ সদস্য নিছাৰ লেহৰী(৫০) ক অস্ত্ৰধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে।
Press Emblem Campaign চমুকৈ পি ই চিয়ে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি প্ৰেৰণ কৰা বিজ্ঞপ্তিত পুনৰ কয় যে, পাকিস্তানত সংবাদ মাধ্যমৰ লোকসকলৰ ধাৰাবাহিকভাৱে হত্যাৰ সন্মুখীন হৈছে। সেয়ে চি ই চিৰ সভাপতি ব্লেজ লেম্পেনে লেহৰীৰ অকাল মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে। তেওঁ অপৰাধীক দেশখনৰ আইনৰ আধাৰত গোচৰ ৰুজু কৰি শাস্তিৰো দাবী তুলিছে।
আনহাতে পি ই চিৰ দক্ষিণ এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াই এই সন্দৰ্ভত কয় যে, মাত্ৰ কেইদিনমানৰ পূৰ্বে মহম্মদ বাচাল ঘোনিও নামৰ আন এজন পাক সাংবাদিকক অচিনাক্ত বন্দুকধাৰীয়ে হত্যা কৰিছিল। সিন্ধু প্ৰদেশৰ অন্তৰ্গত মিৰপুৰ মেথেলো এলেকাৰ বাসিন্দা ঘোনিওক ২৭ আগষ্টত গুলীয়াই হত্যা কৰা হৈছিল।
ইয়াৰোপৰি যোৱা ১ জানুৱাৰীৰ পৰা এতিয়ালৈকে মালিক হাছান জাইব, খলিল আফ্ৰিদি জিব্ৰান, নছৰুল্লাহ গাদানী, কামৰান দাৱাৰ, মেহৰ আশ্বফাক ছিয়াল, মৌলানা মহম্মদ ছিদ্দিক মেংগল, জাম চাগিৰ আহমেদ লাৰ আৰু তাহিৰা নছিন ৰাণাৰ সৈ সৈতে মুঠ আঠজন সাংবাদিকক হত্যা কৰা হৈছে।
Also Read: অশোক সিংঘালৰ অধীনস্থ বিভাগত ৬৫ কোটি টকীয়া ঠিকা আবণ্টন কেলেংকাৰী