লোকৰ পিঠাৰে বিহু পাতিলে পাকিস্তানে !

author-image
Asomiya Pratidin
New Update
লোকৰ পিঠাৰে বিহু পাতিলে পাকিস্তানে !

ডিজিটেল ডেস্ক : অনাৱশ্যক বাতৰিৰে সংবাদৰ শীৰ্ষত থকা অভ্যাস পাকিস্তানৰ । প্ৰতিদিনেই ন ন অপ্ৰয়োজনীয় কাণ্ড কাৰখানাৰ এক উদ্যোগ হৈ পৰিছে চুবুৰীয়া দেশখন । এইবাৰ পুনৰ তেনে এক কাণ্ড সংঘটিত কৰি বাতৰিৰ শীৰোনাম দখল পাকিস্তানৰ । বিগত বৰ্ষত পাকিস্তানৰ ইছলামাবাদত আহিছিল বিধ্বংসী বান । সেই বানৰ সময়ছোৱাত তুৰস্কই সহায়ৰ হাত আগবঢ়াইছিল পাকিস্তানলৈ । আগবঢ়াইছিল এক বৃহৎ সংখ্যক সাহায্য ।

এইবাৰ তুৰস্কত বিধ্বংসী ভূমিকম্প । পূৰ্বৰ সহায়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি বন্ধুস্বৰূপে পাকিস্তানেও সাহায্য আগবঢ়ালে তুৰস্কলৈ । কিন্তু ইয়াতেই লাগিল কেণা । পাকিস্তানৰেই এক জ্যেষ্ঠ সাংবাদিকে প্ৰকাশ কৰিলে এক নতুন তথ্য । পাকিস্তানে তুৰস্কলৈ পঠিওৱা সাহায্যৰ সামগ্ৰী সমূহ হেনো তুৰস্কই পাকিস্তানলৈ পঠিয়াইছিল বানপানীৰ সময়ত । অৰ্থাৎ লোকৰ পিঠাৰে বিহু পালন দেশখনৰ । পাকিস্তানৰ এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ নাম শ্বাহিদ মাছুদ ।

এতিয়া সমগ্ৰ বিষয়টি হ‍াস্যকৰ যেন অনুভৱ হ'লেও ইয়াৰ সৈতে আছে আন বহু চিন্তিত বিষয় । বানপানীৰ বাবে বিগত বৰ্ষতেই অহা সাহায্য কিয় ৰৈ গ'ল ? ৰাইজৰ মাজলৈ কিয় গৈ নাপালে সাহায্য সমূহ ? এই ক্ষেত্ৰত অসফল হ'ল পাকিস্তানৰ চৰকাৰ । যি চৰকাৰে নিজে পৰ্যাপ্ত পৰিমাণৰ স‍াহায্য আগবঢ়াব নোৱাৰাৰ বাবে সহায় ল'ব লগীয়া হৈছিল বিদেশী ৰাষ্ট্ৰৰ, সেই চৰকাৰে সাহায্যৰ সামগ্ৰী সমূহৰ বিতৰণত কিয় কৃপনালি কৰিলে !

আৰু পঢ়ক : ডিক্ৰং ভেলী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন

pakistan turkey