ডিজিটেল ডেস্ক : প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত প্ৰতিটো মূহুৰ্ততে সলনি হৈছে ৰাজনৈতিক পৰিৱেশ । ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰী হৈছে দেশখনৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে । ২০ আগষ্ট, শনিবাৰে এক সংবাদ মেলৰ জৰিয়তে ইছলামাবাদৰ আৰক্ষী অধীক্ষক আৰু এগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে ইমৰাণ খান সৰৱ হৈ উঠিছিল । তেনে সময়তে, এই দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে আইন হাতত তুলি লোৱাৰ দাবী জনোৱাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ ৰোষত পৰিছে ইমৰাণ খান । আনহাতে, গ্ৰেপ্তাৰৰ পৰোৱানা জাৰী কৰাৰ পাছতেই এই ঘটনাই লয় নতুন ৰূপ । ইতিমধ্যেই নিজৰ বাসগৃহৰ সলনি আন ঠাইত আশ্ৰয় লোৱা ইমৰান খানৰ সমৰ্থনকাৰীসকলে এই পৰোৱানাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ঘেৰাও কৰে ইমৰাণ খানৰ ইছলামাবাদৰ বাসগৃহ । বৰ্ষীয়ান নেতাগৰাকীক গ্ৰেপ্তাৰৰ বাবে অহা আৰক্ষী বিষয়াক বাধা দিয়াৰ বাবেই এই কাৰ্যসূচী হাতত লোৱাৰ ফলস্বৰূপে চহৰখনত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ।
উল্লেখ্য যে, বিভিন্ন সমস্যাৰে জৰ্জৰিত পাকিস্তানৰ ৰাজনীতি স্বাধীনোত্তৰ কালৰপৰাই অস্থিৰ । ইয়াৰ পূৰ্বেও দুটাকৈ কাৰ্যকালৰ প্ৰধান মন্ত্ৰী বেনজিৰ ভূট্টোৰ শাসনকালতো সৃষ্টি হৈছিল এনে পৰিস্থিতিৰ । তাৰ পাছৰে পৰাই সময়ে সময়ে সেনাৰ হাতলৈ যোৱা শাসনৰ বাঘজৰী নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ প্ৰায় প্ৰত্যেকজন নেতা ।
আৰু পঢ়ক : গনেশগুৰিৰ পৰা কিশোৰী অপহৰণ কাণ্ডৰ মূল অভিযুক্ত ছাকিৰ হুচেইন আৰক্ষীৰ জালত…