পেলেষ্টাইনৰ সাংবাদিক ইয়াদ আলাষ্টললৈ ২০২৪ চনৰ পি ই চি বঁটা

২০২৪ চনৰ প্ৰেছ এমব্লেম ক্যেম্পেইন চমুকৈ পি ই চি বঁটা পেলেষ্টাইনি সাংবাদিক ইয়াদ আলাস্ততাললৈ আগবঢ়োৱা হৈছে। ২০১৯ ৰ পৰা তেওঁ "গাজাৰ গল্প" প্ৰকল্প আৰম্ভ কৰি ইয়াৰ জৰিয়তে গাজাৰ দৈনন্দিন জীৱনৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পি ই চি বঁটা

ডিজিটেল ডেস্ক: ২০২৪ চনৰ প্ৰেছ এমব্লেম ক্যেম্পেইন চমুকৈ পি ই চি বঁটা পেলেষ্টাইনি সাংবাদিক ইয়াদ আলাস্ততাললৈ আগবঢ়োৱা হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা যুদ্ধ বিধ্বস্ত গাজা আৰু লেবাননত ১৫০ তকৈ অধিক সাংবাদিক নিহত হৈছে। অতি কম সময়ৰ ভিতৰতে ইমান বৃহৎ সংখ্যক সাংবাদিকৰ মৃত্যু এক অভূতপূৰ্ব ঘটনা। সেয়ে পি ই চিৰ এই বঁটা সেইসকল সাংবাদিকৰ স্মৃতিক সন্মান জনোৱাৰ বাবে, যিসকলে যথেষ্ট বিপদাশংকাৰ মাজতো কাম কৰি আছে।

ইয়াদ আলাষ্টলে ২০১৯ চনত "গাজাৰ গল্প" প্ৰকল্প আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে তেওঁ গাজাৰ দৈনন্দিন জীৱনৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছিল।

২০২৩ চনৰ অক্টোবৰত আক্ৰমণ আৰম্ভ হোৱাৰ পৰা তেওঁ ফৰাচী আৰু পশ্চিমীয়া সংবাদ মাধ্যমৰ বাবে কাম কৰি আহিছে। তেওঁ গাজা চহৰ ৰাফাত হোৱা আক্ৰমণৰ পৰা কোনমতে ৰক্ষা পৰিছিল আৰু ফেব্ৰুৱাৰীত পৰিয়ালৰ সৈতে ফ্ৰান্সলৈ পলাই গৈছিল।

এই বঁটা গ্ৰহণ কৰি আলাষ্টালে কয়, "প্ৰতিজন পেলেষ্টাইনি সাংবাদিকৰ আঁৰত পৰিয়াল, বন্ধু আৰু অনুগামী আছে। গাজাত আন্তৰ্জাতিক সাংবাদিকৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা আছে। ইয়াৰ ফলত গাজাত মানুহে সন্মুখীন হোৱা নাৰকীয় অৱস্থাৰ সন্দৰ্ভত মন্তব্য দিয়াত অসম্ভৱ হৈ পৰিছে। গাজাৰ সকলো গণহত্যাক ন্যায়সংগত কৰিবলৈ ইজৰাইলী সেনাই এটা আখ্যান বিয়পাই আৰু তাত সাংবাদিকৰ হত্যাৰ ওপৰত একপক্ষীয় কাহিনী ছপা কৰি দিয়া হয়।

পিইচিৰ সভাপতি ব্লেজ লেম্পেনে কয় "ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ১৭৩৮ ৰ দ্বাৰা সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ ওপৰত ইচ্ছাকৃত আক্ৰমণক গৰিহণা দিয়া হৈছে। সাংবাদিকৰ বিৰুদ্ধে অপৰাধৰ বাবে দায়ী সকলৰ তদন্ত অপৰিহাৰ্য।"

উল্লেখ্য পি ই চিয়ে ২০০৯ চনৰ পৰা প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ছুইজাৰলেণ্ডৰ জৰ্ডি ফাইণ্ডেচনৰ দ্বাৰা ৫০০০ ছুইছ ফ্ৰাংকৰ সৈতে এই বঁটা প্ৰদান কৰা হয়।

বিগত বছৰত এই বঁটা লাভ কৰিছিল CENOZO ৰ সমন্বয়ক আৰনাউড অউৰেড্ৰাওগোয়ে। তাৰ পূৰ্বে ২০২২ ত ৰাছিয়াৰ সাংবাদিক একাতেৰিনা গ্লিকমেন আৰু ২০২১ ত নৱ ঠাকুৰীয়াই এই বঁটা লাভ কৰিছিল।

 

 

পেলেষ্টাইন গাজা ষ্ট্ৰিপ পি ই চি