কুৱেইটত নিহত ভাৰতীয়লৈ আৰ্থিক সাহায্যঃ ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী কীৰ্তি বৰ্ধন সিং

প্ৰধানমন্ত্ৰীৰ আৱাসত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন
কুৱেইটত নিহত ভাৰতীয়লৈ আৰ্থিক সাহায্যঃ   ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী কীৰ্তি বৰ্ধন সিং
কুৱেইটত নিহত ভাৰতীয়লৈ আৰ্থিক সাহায্যঃ ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী কীৰ্তি বৰ্ধন সিং
Published on
Updated on

ডিজিটেল ডেস্কঃ কুৱেইটত সংঘটিত হোৱা অগ্নিকাণ্ডত নিহত ভাৰতীয়সকলৰ কাষত থিয় দিছে কেন্দ্ৰীয় চৰকাৰ। বুধবাৰে কুৱেইটৰ এটা বহু মহলীয়া অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত এই পৰ্যন্ত ৪৯ গৰাকী লোকৰ মৃত্যু হৈছে। আহত হৈছে ৫০ জনৰো অধিক লোক।

আহত বহুতৰেই অৱস্থা গুৰুতৰ। সেয়ে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে, এই পৰ্যন্ত নিহত হোৱা ৪৯ গৰাকী লোকৰ ভিতৰত অধিকাংশই ভাৰতীয়। এই ভাৰতীয়সকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে সাহায্য ঘোষণা কৰিছে।

মৃতকৰ পৰিয়ালক ২ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে আগবঢ়াইছে। ইয়াৰোপৰি সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ভাৰত চৰকাৰে। আজি কুৱেইটলৈ ৰাওনা হৈছে বিদেশ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিং। তেওঁ হাস্পতালত আহত ভাৰতীয়সকলক সাক্ষাত কৰাৰ উপৰিও দুৰ্ঘটনাস্থলী পৰিভ্ৰমণ কৰিব।

উল্লেখ্য যে, বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা ৬ বজাত দক্ষিণ কুৱেইটৰ মানগাফ চহৰত ছয়মহলীয়া এটা অট্টালিকাত অগ্নিকাণ্ডৰ সূচনা হয়। বিভিন্ন দেশৰ পৰা কুৱেইটত কাম কৰিবলৈ যোৱা শ্ৰমিকসকল এই অট্টালিকাত আছিল।

জানিব পৰা মতে অগ্নিকাণ্ডৰ সময়ত অট্টালিকাত আছিল ১৯৫ জন লোক। তাৰ মাজত আছিল তামিলনাডু আৰু কেৰালাৰ বহু শ্ৰমিক।

শেহতীয়া খবৰ অনুসৰি এই অগ্নিকাণ্ডত নিহত ৪৯ জনৰ ভিতৰত ৪০ জনেই ভাৰতীয়। এইসকলৰ অধিকাংশৰে ক’লা ধোঁৱাত আৱদ্ধ হৈ উশাহ বন্ধ হৈ মৃত্যু হৈছে। আহতসকল কুৱেইটৰ ভিন্ন হাস্পতালত ভৰ্তি হৈ আছে।

বুধবাৰে এই ঘটনাৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ এক্সৰ জৰিয়তে এই ঘটনাই শোকাহত কৰাৰ কথা উল্লেখ কৰি নিহতৰ আত্মীয়লৈ শোকবাৰ্তাও প্ৰেৰণ কৰিছে। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি কুৱেইটস্থিত ভাৰতীয় দূতবাসে পৰিৱেশ, পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে বুলিও জনাইছে।

ইয়াৰ পাছতে এক উচ্চ পৰ্যায়ৰ বৈঠকতো বহিছে। গোটেই পৰিস্থিতিক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত বিদেশ মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, বিদেশ সচিব বিনয় মোহন কোৱাত্ৰাসহ আন আন শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

ঘটনা সন্দৰ্ভত কুৱেইটৰ বিদেশমন্ত্ৰী আবদুল্লাহ আলি আল ইয়াহিয়াৰ সৈতে যোগাযোগ কৰিছে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে। তেওঁ মৃত ভাৰতীয় মৃতদেহ শীঘ্ৰেই ভাৰতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনাইছে। তেওঁক কুৱেইটৰ পৰা সকলোধৰণৰ সহযোগিতাৰ আশ্বাস দিয়া হৈছে।

ইফালে এই অগ্নিকাণ্ডৰ সন্দৰ্ভত কুৱেইটৰ উপ-প্ৰধানমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ মূলতে হৈছে আৱাসগৃহটোৰ মালিকৰ অত্যাধিক লোভৰ বাবে।

কুৱেইটত নিহত ভাৰতীয়লৈ আৰ্থিক সাহায্যঃ   ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী কীৰ্তি বৰ্ধন সিং
'Towards Just Futures' শীৰ্ষক ৰাষ্ট্ৰীয় কনক্লেভত নয়নজ্যোতি ভূঞাৰ ভাষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in