মোডী-বাইডেনৰ মাজত উপহাৰ আদান-প্ৰদানঃ এটা বাকচতেই আছিল গোটেই ভাৰতখন...

মোডী-বাইডেনৰ মাজত উপহাৰ আদান-প্ৰদানঃ এটা বাকচতেই আছিল গোটেই ভাৰতখন...
মোডী-বাইডেনৰ মাজত উপহাৰ আদান-প্ৰদানঃ এটা বাকচতেই আছিল গোটেই ভাৰতখন...
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকা ভ্ৰমণত আছে। আমেৰিকা ভ্ৰমণৰ দ্বিতীয়টো দিনত তেওঁ ৰাষ্ট্ৰপতি জ' বাইডেনৰ প্ৰাইভেট ডিনাৰৰ বাবে হোৱাইট হাউচত গৈ উপস্থিত হয়গৈ।

হোৱাইট হাউচত প্ৰধানমন্ত্ৰী মোডীক সম্পত্নীক জ' বাইডেনে স্বাগতম জনায়। বাইডেনে আয়োজন কৰা এই প্ৰাইভেট ডিনাৰত মোডীৰ লগত উপস্থিত থাকে নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে এই প্ৰাইভেট ডিনাৰৰ তালিকাত আছিল বাইডেনৰ প্ৰিয় পাষ্টা আৰু আইচক্ৰিম। প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ প্ৰথমগৰাকী মহিলা লেডি জিল বাইডেনক পৰীক্ষাগাৰত নিৰ্মাণ কৰা ৭.৫ কেৰেটৰ ইক' ফ্ৰেণ্ডলী সেউজীয়া হীৰা উপহাৰ হিচাপে আগবঢ়ায়।

আনহাতে জ' বাইডেনক ‘Ten Principles of Upanishads’ গ্ৰন্থৰ প্ৰথম খণ্ডৰ লগতে মহিশুৰৰ চন্দনৰ দ্বাৰা নিৰ্মিত এটা বিশেষ বাকচ উপহাৰ হিচাপে আগবঢ়ায়। এই চন্দনৰ বাকচটো জয়পুৰৰ কলা-কুশলীয়ে নিৰ্মাণ কৰিছে।

এই বাকচটোৰ ভিতৰত আছে গণেশৰ এটা মূৰ্তি। এই মূৰ্তিৰ লগত আছে এটা চাকি আৰু ১০ টা দানা। প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি বাইডেনক গণেশৰ মূৰ্তিৰ লগত যি ১০ টা দানা আগবঢ়াইছে সেই ১০ টা দানা বিশিষেত্বক লৈও চৰ্চা চলিছে।

এই দানাত আছে পঞ্জাৱৰ ঘিঁউ, ৰাজস্থানত নিৰ্মাণ কৰা ২৪ কেৰেট হলমাৰ্কৰ সোণৰ মুদ্ৰা, মহাৰাষ্ট্ৰৰ গুৰ, উত্তৰাখণ্ডৰ চাউল, তামিলনাডুৰ তিল, কৰ্ণাটকৰ মহিশুৰৰ চন্দনৰ টুকুৰা, পশ্চিমবংগৰ সোণাৰীয়ে নিৰ্মাণ কৰা ৰূপৰ নাৰিকল আৰু গুজৰাটৰ নিমখ আদি।

ইফালে বাইডেনেও প্ৰধানমন্ত্ৰী মোডীক বিংশ শতিকাৰ এখন গ্ৰন্থ,ভিণ্টেজ কেমেৰা, আমেৰিকাৰ ৱাইল্ড লাইফৰে জড়িত এখন গ্ৰন্থ আৰু বাৰ্ট ফ্ৰষ্টৰ সংগৃহীত কবিতাৰ প্ৰথম সংস্কৰণ উপহাৰ হিচাপে আগবঢ়াইছে।

মোডী-বাইডেনৰ মাজত উপহাৰ আদান-প্ৰদানঃ এটা বাকচতেই আছিল গোটেই ভাৰতখন...
গুৱাহাটীৰ নলাত পৰি মাছ ব্যৱসায়ীৰ মৃত্যুঃ সৃষ্টি হৈছে ৰহস্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in