ইটালীত জি-৭ৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে উক্ত বৈঠকত উভয় দেশৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা সহযোগিতা সন্দৰ্ভত কেতবোৰ আলোচনা কৰে
ইটালীত জি-৭ৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক
Published on
Updated on

ডিজিটেল ডেস্ক : তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে ইটালী ভ্ৰমণলৈ গৈছে নৰেন্দ্ৰ মোডী। জি-৭ সন্মিলনীৰ বৈঠকৰ বাবে সম্প্ৰতি ইটালীত আছে প্ৰধানমন্ত্ৰী মোডী।

এই ভ্ৰমণৰ কালছোৱাত শুকুৰবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ সৈতে জি-৭ সন্মিলনৰ দ্বিপাক্ষিক বৈঠকত অংশ লয় মোডীয়ে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে উক্ত বৈঠকত উভয় দেশৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা সহযোগিতা সন্দৰ্ভত কেতবোৰ আলোচনা কৰে।

ইয়াৰোপৰি দুয়োখন দেশৰ আনৱিক শক্তি তথা মহাকাশ, তথ্য-প্ৰযুক্তি আদি বিষয়েও আলোচনাত ঠাই পায়। এইসমূহ বিষয় সন্দৰ্ভতো মোডী আৰু মেলোনিয়ে বস্তুনিষ্ঠ আলোচনা কৰা বুলি জানিব পৰা গৈছে।

আলোচনাৰ অন্তত মোডীয়ে ভাৰতক জি-৭ সন্মিলনৰ অংশ হ'বলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ইটালীৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। তাৰোপৰি বৈঠকত বাণিজ্য, শক্তি, প্ৰতিৰক্ষা, টেলিকম আদি ক্ষেত্ৰত ভাৰত-ইটালীৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে৷

ইটালীত অনুষ্ঠিত জি-৭ৰ বৈঠকত মোডীয়ে বিশ্বৰ কেইবাগৰাকী অগ্ৰণী নেতাৰে আলোচনাত মিলিত হয়। বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ সৈতেও মোডীয়ে কেতবোৰ আলোচনা কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে জি-৭ সন্মিলনলত বিশ্বৰ ৭খন দেশে অংশগ্ৰহণ কৰিছে। ইটালী চৰকাৰে আমন্ত্ৰণ জনোৱা এই অতিথি দেশ কেইখন হৈছে- ভাৰত, আমেৰিকা, কানাডা, জাৰ্মানী, ইটালী, জাপান আৰু ফ্ৰান্স।

ইটালীত জি-৭ৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক
G7 সন্মিলনত অংশগ্ৰহণৰ বাবে ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in