শান্তি আলোচনাৰ বাবে সকলোধৰণৰ সহযোগিতাৰ বাবে সাজু ভাৰত...

নৰেন্দ্ৰ মোডীয়ে জেলনস্কিক ক'লে ভাৰত শান্তিৰ পক্ষত
শান্তি আলোচনাৰ বাবে সকলোধৰণৰ সহযোগিতাৰ বাবে সাজু ভাৰত...
শান্তি আলোচনাৰ বাবে সকলোধৰণৰ সহযোগিতাৰ বাবে সাজু ভাৰত...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ভাৰত নিৰপেক্ষে নহয়। ভাৰত আছে শান্তিৰ পক্ষত। এই বাৰ্তা দিয়েই ইউক্ৰেইনৰ পৰা আহি স্বদেশত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

শান্তিৰ দূত হিচাপে প্ৰথমবাৰৰ বাবে ইউক্ৰেইনত উপস্থিত হৈ নৰেন্দ্ৰ মোডীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে বিভিন্ন বিষয়ত আলোচনাত মিলিত হৈ কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিলে। এই আলোচনাত স্বাভাৱিকতে অগ্ৰাধিকাৰ পাইছিল যুদ্ধৰ বিষয়টোৱে।

সেয়ে এতিয়া প্ৰায় আঢ়ৈ বছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ এই যুদ্ধই কি গতি লয় সেয়া হ'ব বিশ্ববাসীৰ বাবে এক আলোচনাৰ বিষয় হৈ পৰিছে। ইউক্ৰেইন এৰাৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে জেলনস্কিক পুটিনৰ সৈতে কূটনৈতিক বৈঠকত মিলিত হোৱাৰ পৰামৰ্শ আগবঢ়াইছে।

নৰেন্দ্ৰ মোডীয়ে ইউক্ৰেইনৰ ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান কৰি কৈছে, যদিহে ৰাছিয়া আৰু ইউক্ৰেইনে শান্তি আলোচনাত বহে তেন্তে ভাৰত সকলোধৰণৰ সহায়ৰ বাবে আগবাঢ়ি আহিব।

ইউক্ৰেইন ভ্ৰমণৰ সময়ত নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে যুদ্ধত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিলে। যুদ্ধৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনালে মোডীয়ে। ইয়াৰ পিছতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰে হোৱা বৈঠকত নৰেন্দ্ৰ মোডীয়ে যুদ্ধৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ পুটিনৰ সাক্ষাতৰ সময়ত হোৱা আলোচনাৰ বাৰ্তা স্পষ্টকৈ প্ৰকাশ কৰে।

মোডীয়ে কয়, ভাৰত নিৰপেক্ষ নহয়, প্ৰথমৰ পৰাই ভাৰতৰ এটাই পক্ষ। ভাৰতে সকলো সময়তে শান্তিৰ পক্ষত অৱস্থান কৰিছে। তেওঁ কয়, মই বুদ্ধৰ দেশৰ পৰা আহিছোঁ। য'ত যুদ্ধৰ কোনো স্থান নাই। আমাৰ দেশ মহাত্মা গান্ধীৰ দেশ, যিয়ে গোটেই বিশ্বক শান্তিৰ বাৰ্তা দিছিল।

যুদ্ধই যে কোনো সমস্যাৰ সমাধানৰ পথ মুকলি নকৰে সেই কথা উল্লেখ কৰি কূটনৈতিক মাধ্যমেৰে সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব দি আহিছে ভাৰতে। ভাৰতৰ বৈদেশিক নীতিয়েও ইয়াক পূৰ্বৰে পৰা অনুসৰণ কৰি আহিছে।

এই নীতি অনুসৰিয়েই জেলেনস্কিক ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দি কয়, এই যুদ্ধৰ শেষ কৰিবলৈ কূটনৈতিক পৰ্যায়ৰ বৈঠকৰ প্ৰয়োজন। যদিহে আপুনি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাৰ মেজত বহে তেন্তে ভাৰত সকলোধৰণৰ সাহযোগিতা বাবে আগবাঢ়ি আহিব। বন্ধু হিচাপে এই কথা আমি আপোনাক দিলোঁ।

তাৰোপৰি মোডীয়ে ৰাছিয়াত পুটিনৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি জেলেনস্কিকৰ আগত কয়, মই পুটিনক সাক্ষাৎ কৰাৰ সময়তো যুদ্ধই সমস্যাৰ সমাধান নকৰে বুলি জনাইছিলো। ভাৰতে ইউক্ৰেইনৰ ভৌগলিক অখণ্ডতা আৰু সৌৰ্বভৌগমত্বক সন্মান কৰে। ৰাষ্ট্ৰসংঘৰ ছনদ আৰু আন্তৰ্জাতিক আইন মানি সকলো দেশৰ ক্ষেত্ৰতে আমি এই নীতি মানি চলা উচিত।

মন কৰিবলগীয়া যে, ৰাছিয়াৰ অতি পুৰণি বন্ধু হিচাপে পৰিচিত ভাৰতৰ এই স্থিতি এতিয়া বিশ্বৰ কূটনৈতিক ক্ষেত্ৰখনত ব্যাপক আলোচনাৰ বিষয় হৈ পৰিছে। ধাৰণা কৰা হৈছে ইউক্ৰেইনলৈ মোডীয়ে যি শান্তিৰ বাৰ্তা লৈ গ'ল সেই বাৰ্তা পুটিনৰ পৰাই আহিছিল।

যদিহে জেলেনস্কিয়ে মোডীৰ এই পৰামৰ্শ অনুসৰণ কৰি আলোচনাৰ মেজলৈ আহে তেন্তে ভাৰতৰ বাবে হ'ব এয়া এক বৃহৎ কূটনৈতিক উত্থান। এই উত্থানে ভাৰতক এক নতুন মাত্ৰা প্ৰদান কৰিব। এতিয়া সকলোবোৰ নিৰ্ভৰ কৰিছে জেলনস্কিৰ সিদ্ধান্তৰ ওপৰত।

শান্তি আলোচনাৰ বাবে সকলোধৰণৰ সহযোগিতাৰ বাবে সাজু ভাৰত...
নেহৰুৰ ঐতিহাসিক সিদ্ধান্তক অনুসৰণ মোডীৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in