ভাৰত-বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে উদ্বোধন কৰিলে ৩টা উন্নয়নমূলক প্ৰকল্প

ভাৰত-বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে উদ্বোধন কৰিলে ৩টা উন্নয়নমূলক প্ৰকল্প
Published on
Updated on

ডিজিটেল সংবাদ,ঢাকাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বুধবাৰে যুটীয়াভাৱে ভাৰ্চুৱেলী তিনিটা প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত আছে ত্ৰিপুৰাৰ নিচিন্তপুৰ আৰু গংগাসাগৰৰ মাজত এক গুৰুত্বপূৰ্ণ ৰে'ল সংযোগ।

প্ৰধানমন্ত্ৰী মোডী আৰু শ্বেখ হাছিনাই উদ্বোধন কৰা আন দুটা প্ৰকল্প হৈছে বাংলাদেশৰ ৰামপালৰ মৈত্ৰী চুপাৰ থাৰ্মাল পাৱাৰ প্লাণ্টৰ ইউনিট-২ আৰু ৬৫ কিলোমিটাৰ খুলনা-মংলা পোৰ্ট ৰে'ল লাইন ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে দুই দেশৰ সম্পৰ্কৰ শলাগ লয়। বাংলাদেশ-ভাৰত সম্পৰ্ক ভাল গৈ আছে -এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। তেওঁ কয় যে, যোৱা ন বছৰত দুয়োখন দেশে একেলগে যি কৰিছে সেয়া তাৰ আগৰ দশকত হোৱা নাছিল। ভাৰত-বাংলাদেশ আকৌ এবাৰ লগ গৈ কাম কৰিছো। এয়া আনন্দৰ বিষয়। আমাৰ সম্পৰ্ক উচ্চ শিখৰলৈ গতি কৰি আছে।

তেওঁ কয় যে, আমি সীমান্তত শান্তি, নিৰাপত্তা আৰু স্থিৰতা স্থাপনৰ বাবে ভূমি সীমা চুক্তি স্বাক্ষৰ কৰিছো। আমি সামুদ্ৰিক সীমা বিবাদো সমাধান কৰিছো। যোৱা ৯ বছৰত ঢাকা, শ্বিলং, আগৰতলা, গুৱাহাটী আৰু কলকাতাৰ মাজত তিনিখন নতুন বাছ সেৱা আৰম্ভ কৰা হৈছে। যোৱা ৯ বছৰত যিমান কাম হৈছে ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল। ইয়াৰোপৰি দুয়োখন দেশৰ মাজত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ কথা কয় মোডীয়ে।

আখাউৰা-আগৰতলা ৰে'ল সংযোগৰ উদ্বোধন এক ঐতিহাসিক মুহূৰ্ত বুলি কয় মোডীয়ে। এইটো বাংলাদেশ আৰু ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত প্ৰথম ৰেল সংযোগ।

এই অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। যদি চুবুৰীয়া দেশবোৰৰ সৈতে আপোনাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, তেন্তে উন্নয়ন নিশ্চয় হব। এই মন্তব্য় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। লগতে কয় যে, এই কথা আমি প্ৰমাণ কৰিছো। ই পৃথিৱীত এক দৃষ্টান্ত স্থাপন কৰিছে।

ইয়াৰোপৰি মোডীৰ অংশগ্ৰহণক লৈ ধন্যবাদ জনাই হাছিনাই। লগতে দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ শলাগ লয়।

ভাৰত-বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে উদ্বোধন কৰিলে ৩টা উন্নয়নমূলক প্ৰকল্প
চিলাপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in