ডিজিটেল ডেস্ক : আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে কিশোৰক। জানিব পৰা মতে, মঙলবাৰে নিশা এগৰাকী ১৭ বছৰীয়া কিশোৰগৰাকীয়ে বাহন চলাই আহি আছিল। এনেতে ট্ৰেফিক ছিগনেল পোৱাত কিশোৰগৰাকীক আৰক্ষীয়ে ৰ'বলৈ সংকেত দিয়ে।
আৰক্ষীয়ে ৰ'ব কোৱাৰ লগে লগে কিশোৰগৰাকীয়ে ৰ'ব নোৱাৰা বাবেই আৰক্ষী-কিশোৰৰ মাজত হয় কাজিয়াৰ সূত্ৰপাত। আৰক্ষীৰে হোৱা বাক-বিতণ্ডাৰ সময়তে এই ঘটনা সংঘটিত হয়। ফ্ৰান্সৰ ৰাজধানী পেৰিছত সংঘটিত হৈছে এই বৰ্বৰ কাণ্ড।
কিশোৰ আৰু আৰক্ষীৰ বাক-বিতণ্ডা চূড়ান্ত পৰ্যায় পায়। ফলত কিশোৰগৰাকীক কৰ্তব্যৰত আৰক্ষীগৰাকীয়ে গুলিয়াই হত্যা কৰে। এই ঘটনাৰ বিৰোধিতা কৰি অঞ্চলটোৰ প্ৰায় ১৫০ লোকে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।
বিভিন্ন শ্ল'গানৰে চহৰখনৰ সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে চহৰখনৰ বিভিন্ন স্থানৰ ক্ষতি কৰে। টাউন হল,বিদ্যালয় আৰক্ষী থানা বাট-পথ আদিত জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
চহৰখনৰ স্থাৱৰ সম্পত্তি ক্ষতি কৰাৰ অপৰাধত আৰক্ষীয়ে উক্ত প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰে। আনহাতে কিশোৰগৰাকীক গুলিওৱা আৰক্ষীগৰাকীৰ বিৰুদ্ধে পেৰিছ প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ। জানিব পৰা মতে হত্যাকাণ্ডৰ দৰে অপৰাধত জড়িত আৰক্ষীগৰাকীৰ বিৰুদ্ধে চলোৱা হৈছে তদন্ত।
Also Read: ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতে উত্তপ্ত মণিপুৰ! গুলীয়াগুলীত আহত ৬, এজন নিহতৰ আশংকা...