আকৌ বন্ধুৰ দেশত মোডীঃ কৃষ্ণ বন্দনা, ভাৰতীয় সংস্কৃতি প্ৰদৰ্শনেৰে জনালে আদৰণি

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তাতাৰস্থানত উপস্থিত মোডী
আকৌ বন্ধুৰ দেশত মোডীঃ কৃষ্ণ বন্দনা, ভাৰতীয় সংস্কৃতি প্ৰদৰ্শনেৰে জনালে আদৰণি
আকৌ বন্ধুৰ দেশত মোডীঃ কৃষ্ণ বন্দনা, ভাৰতীয় সংস্কৃতি প্ৰদৰ্শনেৰে জনালে আদৰণি
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ বন্ধু ৰাষ্ট্ৰত ভৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজিৰে পৰা ভ্লাদিমিৰ পুটিনৰ ৰাষ্ট্ৰ ৰাছিয়াত অনুষ্ঠিত হৈছে ব্ৰিকছ সন্মিলন। ৰাছিয়াৰ অন্যতম প্ৰাচীন তথা ঐতিহ্য বহনকাৰী চহৰ তাতাৰস্থানৰ কাজানৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৱতাৰণা কৰাৰ পাছতেই তেওঁক ৰেড কাৰ্পেটেৰে আদৰণি জনোৱা হয়।

প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাবলৈ বিমান বন্দৰত তাতাৰস্থানৰ প্ৰধান ৰুষ্টম মিন্নিখানাভৰ লগতে অন্যান্য শীৰ্ষ বিষয়া উপস্থিত হয়। তাৰোপৰি বিমান বন্দৰত ৰাছিয়াস্থিত প্ৰৱাসী ভাৰতীয়ৰো আগমণ ঘটে।

ইয়াৰ পাছতেই হোটেলত তেওঁক কৃষ্ণ বন্দনাৰে স্বাগতন জনায়। সেই সময়ত সকলোৱে পৰিধান কৰে ভাৰতীয় পোচাক। ৰাছিয়াৰ নাগৰিকসকলে পৰিবেশন কৰে ভাৰতীয় নৃত্য।

ভাৰতীয় সংস্কৃতিক তুলি ধৰা এইসকল ৰাছিয়ান নাগৰিকৰ সৈতেও মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। হোটেলত তেওঁক প্ৰৱাসী ভাৰতীয়সকলেও উষ্ম আদৰণি জনায়। মোডীৰ সৈতে ফটোও উঠে তেওঁলোকে।

উল্লেখ্য যে, চলিত বছৰত দ্বিতীয়বাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰিছে নৰেন্দ্ৰ মোডীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ দুদিন ৰাছিয়াত থাকিব। মঙলবাৰৰ পৰা কাজানত দুদিনীয়াকে অনুষ্ঠিত হৈছে ব্ৰিকছ সন্মিলন।

এই সন্মিলনৰ সময়তে মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিব। তাৰোপৰি সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতেও মোডীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

স্মৰ্তব্য যে, ব্ৰিকছৰ সদস্য হৈছে ভাৰত, চীন, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আৰু ৰাছিয়া। প্ৰতি বছৰে এই সন্মিলন অনুষ্ঠিত হৈ আহিছে। যিকোনো এখন সদস্য ৰাষ্ট্ৰই এই সন্মিলন অনুষ্ঠিত কৰে। যোৱা বছৰ আগষ্টত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত এই সন্মিলন অনুষ্ঠিত হৈছিল।

এই বছৰ ৰাছিয়াই ২২ ৰ পৰা ২৪ অক্টোবৰলৈ কাজানত অনুষ্ঠিত কৰিছে এই সন্মিলন।এইবছৰ এই সন্মিলনত বিশ্বৰ বিভিন্নস্থানৰ যুদ্ধ পৰিস্থিতিয়ে স্থান লাভ কৰাৰ সম্ভাৱনা আছে। এই যুদ্ধসমূহক লৈ আলোচনা অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে সন্মিলনত।

সেয়ে এই সন্মিলনৰ ওপৰত বিশ্ববাসীৰ দৃষ্টি থাকিব। বিশেষকৈ পূৰ্বৰ ৰাছিয়া ভ্ৰমণৰ পাছতে ইউক্ৰেইন ভ্ৰমণ কৰা নৰেন্দ্ৰ মোডীয়ে এই সন্মিলনত যুদ্ধৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰে, কি বাৰ্তা প্ৰেৰণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

আকৌ বন্ধুৰ দেশত মোডীঃ কৃষ্ণ বন্দনা, ভাৰতীয় সংস্কৃতি প্ৰদৰ্শনেৰে জনালে আদৰণি
'বাৰ্তাপখিলী'ৰ ২০২৪ বৰ্ষৰ পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in