হিন্দু ধৰ্মীয় লোকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে বাংলাদেশত বিক্ষোভ...

চট্টগ্ৰামত সমাবেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী
হিন্দু ধৰ্মীয় লোকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে বাংলাদেশত বিক্ষোভ...
হিন্দু ধৰ্মীয় লোকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে বাংলাদেশত বিক্ষোভ...
Published on
Updated on

মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশৰ বিভিন্ন স্থানত সনাতন ধৰ্মাৱলম্বীলোকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত আজি চট্টগ্ৰাম নগৰৰ চেৰাগী পাহাৰত চাৰিআলিত বৃহৎ প্ৰতিবাদী সমাবেশ অনুষ্ঠিত হয়।

শনিবাৰে পুৱা ১০ বজাত পথ অৱৰোধ কৰি সনাতনী লোকসকলৰ ওপৰত হোৱা নিৰ্যাতন বন্ধৰ দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰীসকলে দেশখনৰ সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ নহ'লে আৰু অধিক কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে।

এই প্ৰতিবাদী কাৰ্যসূচীত, প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ কৰে। তেওঁলোকে দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ খুব কম সময়ৰ ভিতৰতে সকলো আক্ৰমণৰ বিচাৰৰো দাবী কৰিছে।

প্ৰতিবাদৰ সময়ত তেওঁলোকে 'আমি কিয় স্বাধীন নহয়?', 'আমাৰ মন্দিৰ কিয় আক্ৰমণ কৰিব?', 'দেশ এৰি যোৱাৰ ভাবুকি কিয়?', 'ৰাষ্ট্ৰৰ পৰা উত্তৰ লাগে' আদি শ্লোগান সম্বলিত প্লেকাৰ্ডো প্ৰদৰ্শন কৰে।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত সমগ্ৰ দেশতে সংখ্যালঘুসকলৰ গৃহত আক্ৰমণ, মন্দিৰত আক্ৰমণ হোৱাৰ লগতে জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে। যদিহে এই আক্ৰমণ শীঘ্ৰে বন্ধ নহয় তেন্তে ইয়াতকৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও কয়।

হিন্দু ধৰ্মীয় লোকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে বাংলাদেশত বিক্ষোভ...
সাংবাদিক বিতোপন মাঝিলৈ বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in