ডিজিটেল ডেস্ক : দীৰ্ঘদিন ধৰি চলা ৰাছিয়াৰ আগ্ৰাসনৰ পাছত ইউক্ৰেইনৰ চাৰি প্ৰদেশত অধিকাৰ পুটিনৰ সেনা বাহিনীৰ । যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ প্ৰতি বিশ্ববাসীৰ ক্ৰমাৎ বৃদ্ধি পোৱা সহানুভূতিৰ মাজতেই সকিয়নি দিলে পুটিনে । এই যুদ্ধত নাটো সেনা বাহিনীৰ সন্মুখীন হ'লেই গোলকীয় সংকটৰ সৃষ্টি কৰিব পুটিনে । কাজাখাস্তানৰ ৰাজধানী আস্তানাত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে । ৰাষ্ট্ৰপতি গৰাকীৰ ভাষ্য অনুসৰি, ৰাছিয়ান সেনাই নাটোৰ সেনাৰ মুখামুখি হ'ব লগীয়া হ'লেই এই যুদ্ধ বিয়পি পৰিব সমগ্ৰ বিশ্বত । তেনে স্থলত ভয়াৱহ হৈ পৰিব পৰিস্থিতি ।
অৰ্থাৎ যুদ্ধৰ পৰা আতৰি থাকিবলৈ আৰু প্ৰয়োজনত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰাৰ কথা পুনৰ এবাৰ উল্লেখ কৰিলে পুটিনে ।
ইয়াৰ পূৰ্বেও বিগত মাহত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰাৰ পৰিকল্পনাৰ কথা কৈছিল ৰাষ্ট্ৰপতি গৰাকীয়ে । এই সন্দৰ্ভত, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেও এক দুৰ্বল স্থিতি অৱলম্বন কৰি ৰাছিয়াৰ বিৰুদ্ধে থিয় হোৱাৰ বিপৰিতে সমগ্ৰ বিশ্বক পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তাৰ কথা হে কৈছিল ।
উল্লেখ্য যে, জি-৭ বৈঠকত ইউৰোপৰ ৭ খন দেশে ৰাছিয়াৰ এই আগ্ৰাসনক গৰিহণা দিয়া পাছতেই পুটিনে আয়োজন কৰিছিল সংবাদ মেলৰ আৰু কৰিছিল এই ঘোষণা । এই ঘোষণাৰ পাছত নাটোই সেনা বাহিনী মোতায়েন কৰি সমগ্ৰ বিশ্বলৈ সংকট নামাতে, তেনেস্থলত ৰাছিয়াৰ একনায়কত্ববাদী শাসন অব্যাহত থাকিব ।