জাপানত যৌন অপৰাধ আইনৰ সংস্কাৰ

জাপানত যৌন অপৰাধ আইনৰ সংস্কাৰ

author-image
Asomiya Pratidin
New Update
জাপানত যৌন অপৰাধ আইনৰ সংস্কাৰ

ডিজিটেল ডেস্ক : সুদীৰ্ঘ ১১৬ বছৰৰ পিচত জাপানত যৌন অপৰাধ আইনৰ ঐতিহাসিক সংস্কাৰ কৰা হৈছে। দেশখনত বলাৎকাৰৰ সংজ্ঞা সলনি কৰাৰ লগতে সন্মতিসাপেক্ষে দৈহিক সম্পৰ্কৰ বয়স বৃদ্ধিৰ আইন প্ৰণয়ন কৰা হৈছে।

এই আইনৰ অধীনত সন্মতি অবিহনে দৈহিক সম্পৰ্ক স্থাপন কৰাটোক বলাৎকাৰ হিচাপে গণ্য কৰা হ'ব। আনহাতে আইনগতভাৱে সন্মতিসাপেক্ষে দৈহিক সম্পৰ্কৰ বয়স ১৩ বছৰৰ সলনি ১৬ বছৰলৈ বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ১৯০৭ চনৰ পিচত প্ৰথমবাৰলৈ এই নিয়ম সলনি কৰা হৈছে।

Also Read: নগাঁৱত সাত লক্ষাধিক টকা মূল্যৰ ব্ৰাউন ছুগাৰ জব্দ...

japan