সলনি হ'ল যুদ্ধৰ গতিঃ এইবাৰ ৰাছিয়াৰ বৃহৎ অঞ্চল দখল কৰিলে ইউক্ৰেইনে...

ৰাছিয়াৰ কাৰ্স্ক অঞ্চলত প্ৰৱেশ কৰি নিজৰ নিয়ন্ত্ৰণলৈ নিলে ইউক্ৰেইনে
সলনি হ'ল যুদ্ধৰ গতিঃ এইবাৰ ৰাছিয়াৰ বৃহৎ অঞ্চল দখল কৰিলে ইউক্ৰেইনে...
সলনি হ'ল যুদ্ধৰ গতিঃ এইবাৰ ৰাছিয়াৰ বৃহৎ অঞ্চল দখল কৰিলে ইউক্ৰেইনে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ২০২২ ৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ সময়ত সমগ্ৰ বিশ্বই ধাৰণা কৰিছিল ইউক্ৰেইনক শেষ কৰি ৰাছিয়াই দেশখন দখল কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰো হয়তো লক্ষ্য সেয়াই আছিল।

অতি সহজতে ইউক্ৰেইন দখল কৰিব বুলিয়েই ধাৰণা কৰিছিল পুটিনেও। কিন্তু ভবাৰ দৰে কথাবোৰ ইমান সহজ নহ’ল। নিশাটোৰ ভিতৰতে ইউক্ৰেইন দখল কৰাৰ লক্ষ্যৰে ৰাছিয়াই কৰা আক্ৰমণৰ সেই দিনটোৰ পৰা এতিয়ালৈকে প্ৰায় আঢ়ৈ বছৰ হ’বৰ হ’ল।

এতিয়াও শেষ হোৱা নাই এই যুদ্ধ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা ২ বছৰ ৬ মাহ হ’বলৈ মাজত মাত্ৰ ১০ টা দিন বাকী থকা সময়ত এতিয়া এখন পৃথক ছবিহে পোহৰলৈ আহিছে।

যুঁজি যুঁজি ভাগৰি পৰা ৰাছিয়াৰ ওপৰত এতিয়া আক্ৰমণাত্মক হৈ পৰিছে ইউক্ৰেইন। যি ৰাছিয়াই ইউক্ৰেইনত প্ৰৱেশ কৰি ধ্বংসলীলা চলাইছিল সেই ৰাছিয়াক এতিয়া একেই প্ৰত্যুত্তৰ দিছে ইউক্ৰেইনে।

এইবাৰ ৰাছিয়াত প্ৰবেশ কৰিছে ইউক্ৰেইনীয়ান সেনা। ৰাছিয়াৰ কাৰ্স্ক অঞ্চলত প্ৰৱেশ কৰি অভিযান চলাইছে ইউক্ৰেইনৰ সেনাই। জানিব পৰা মতে ৰাছিয়াৰ ভূখণ্ডৰ ভিতৰত প্ৰবেশ কৰি ইউক্ৰেইনে প্ৰায় ২০০০ স্কোৱেৰ কিলোমিটাৰ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই দাবী কৰিছে কিভে।

এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তীব্ৰ চাপৰ সন্মুখীন হৈছে পুটিন বাহিনী।জানিব পৰা মতে ৰাছিয়াৰ প্ৰশাসনে কাৰ্স্কৰ পৰা তেওঁলোকৰ জনসাধাৰণৰ দ্ৰুত গতিত স্থানান্তৰ কৰিছে।

উল্লেখ্য যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি দেশখনৰ খাৰকিভকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ দখল কৰিছিল। ৰকেট নিক্ষেপ কৰি ধ্বংস কৰি পেলাইছিল এই চহৰ কেইখন।

তাৰ পাছতো হাৰ মনা নাছিল ইউক্ৰেইনীয়ান সেনাই। আনকি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ বাবে নিজেই হাতত মাৰণাস্ত্ৰ লৈ খাৰকিভৰ ৰাজপথলৈ আহি প্ৰত্যাহ্বান জনাইছিল ৰাছিয়াক।

জেলনস্কিকৰ এনে সাহসী পদক্ষেপৰ বাবেই ইউক্ৰেইনৰ সেনায়ো সকলো ভয়, ভীত পৰিহাৰ কৰি যুদ্ধত জপিয়াই পৰিছিল। তাৰেই ফলস্বৰূপে এতিয়া ৰাছিয়াই যিদৰে ইউক্ৰেইন আক্ৰমণ কৰিছিল ঠিক সেইদৰেই ইউক্ৰেনীয়ান সেনাই ৰাছিয়াত প্ৰৱেশ কৰি দেশখনৰ বৃহৎ পৰিমাণৰ ভূখণ্ড নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে।

বিবিচিত প্ৰকাশিত খবৰ অনুসৰি কাৰ্স্কত দুয়ো দেশৰ সেনাবাহিনীৰ মাজত চলি থকা যুদ্ধ সপ্তম দিনত ভৰি দিছে। এই যুদ্ধৰ মাজতে ইউক্ৰেইনৰ সেনা বাহিনীৰ এজন শীৰ্ষ বিষয়াই দাবী কৰিছে যোৱা আঢ়ৈ বছৰৰ যুদ্ধৰ ভিতৰত এয়াই তেওঁলোকৰ সবাটোকৈ ডাঙৰ আন্তঃসীমান্ত অভিযান।  

ইফালে ইউক্ৰেইনে বিশ্ববাসীৰ আগত এই দাবী কৰি ৰাছিয়াক চাপত ৰাখিবলৈ চেষ্টা কৰাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ ইউক্ৰেইনক সকিয়াই দি কয়, এইদৰে আক্ৰমণ কৰি ইউক্ৰেইনে আৰু অধিক উচতনি দিছে ৰাছিয়াক। ইয়াৰ পৰিণাম ভলা নহ'ব।

ইতিমধ্যে ৰাছিয়াই এই অঞ্চলটো খালী কৰিছে। অৱশিষ্ট প্ৰায় ৫৯ হাজাৰ লোককো শীঘ্ৰেই অঞ্চলটোৰ পৰা সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিছে। গতিকে এই যুদ্ধই আৰু যে ভয়ংকৰ ৰূপ ধাৰণ কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

সলনি হ'ল যুদ্ধৰ গতিঃ এইবাৰ ৰাছিয়াৰ বৃহৎ অঞ্চল দখল কৰিলে ইউক্ৰেইনে...
ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে সাজু পবিত্ৰ মাৰ্ঘেৰিটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in