অতীত 'ভাৰত আউট' শ্লোগানঃ মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ক'লে ভাৰত আমাৰ অমূল্য বন্ধু

বেইজিঙক এৰি দিল্লীৰ কাষ চাপিবনে মালদ্বীপ?
অতীত 'ভাৰত আউট' শ্লোগানঃ মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ক'লে ভাৰত আমাৰ অমূল্য বন্ধু
অতীত 'ভাৰত আউট' শ্লোগানঃ মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ক'লে ভাৰত আমাৰ অমূল্য বন্ধু
Published on
Updated on

ডিজিটেল ডেস্কঃ মালদ্বীপ ভ্ৰমণলৈ গৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। তিনিদিনৰ এই ভ্ৰমণত এছ জয়শকংৰে ভাৰত আৰু দ্বীপৰাষ্ট্ৰখনৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ লগতে দুয়োখন দেশৰ সহযোগিতাৰ ওপৰত কেইবালানিও আলোচনাত মিলিত হোৱাৰ লগতে কেইবাখনো দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। এছ জয় শংকৰৰ এই ভ্ৰমণ বহু কেইটা কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

শেহতীয়াকৈ বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতি আৰু দেশখনৰ আভ্যন্তৰীণ পৰিবৰ্তিত ৰাজনীতিত ভাৰতৰ সৈতে থকা পূৰ্বৰ সম্পৰ্ক অবনতি স্পষ্ট হৈ পৰিছে। দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ সৈতে হাছিনা চৰকাৰৰ দৰেই সু-সম্পৰ্ক অব্যাহত ৰাখিব নে নাই তাক লৈয়ো যথষ্ট সন্দেহৰ অৱকাশ আছে। দেশখনৰ এই অস্থিৰ পৰিস্থিতিৰ মাজতে ভাৰত বিৰোধী বতাহো তীব্ৰতৰ হৈছে।

বাংলাদেশত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ আঁৰত চীনৰ সম্পৰ্কও স্পষ্ট হৈ আছে। কেৱল বাংলাদেশেই নহয় দক্ষিণ এছিয়াৰ শ্ৰীলংকা, পাকিস্তান, নেপাল, ম্যানমাৰ আদি দেশসমূহত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতি অস্থিৰ পৰিস্থিতি, সামাজিক, অৰ্থনৈতিক বিপৰ্যয়ৰ আঁৰত বেইজিঙৰ কূটনীতি স্পষ্ট হৈছে।

দ্বীপ ৰাষ্ট্ৰ মালদ্বীপৰ সৈতে ভাৰতৰ সম্পৰ্ক পূৰ্বে মধুৰ আছিল যদিও শেহতীয়াকৈ চীনৰ প্ৰৰোচনাত পৰিয়েই এই দেশখনে ভাৰত বিৰোধী স্থিতি লোৱা পৰিলক্ষিত হৈছিল। দেশখনত চীনে যথেষ্ট পৰিমাণে বিনিয়োগ কৰিছে। এই মুহূৰ্তত চীনৰ ওচৰত মালদ্বীপৰ মুঠ ঋণ হৈছে ১.৩ বিলিয়ন মাৰ্কিন ডলাৰ।

চীনে Belt and Road Initiative প্ৰকল্পৰ জৰিয়তে মালদ্বীপৰ আন্তঃগাঁথনি উন্নয়নত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে। ইয়াৰ ভিতৰত আছে ২০০ মিলিয়ন মাৰ্কিন ডলাৰ বিয়োগেৰে গ্ৰহণ কৰা চীন-মালদ্বীপ ফ্ৰেইণ্ডশ্বিপ ব্ৰীজো। এইদৰেই চীনে এই দেশখনৰ ঘনিষ্ঠ হৈ পৰিছিল। বেইজিঙৰে ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ পিছতে মালদ্বীপৰ ভাৰত বিৰোধী স্থিতি অধিক হৈ পৰে।

অৱশ্যে ভাৰতেও মালদ্বীপত যথেষ্ট বিনিয়োগ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত ভাৰত চৰকাৰৰ 'প্ৰতিবেশী প্ৰথম নীতি'ৰ আধাৰতে ২০২২ চনত মালদ্বীপত ২৫০ মিলিয়ন ডলাৰৰো অধিক বিত্তীয় সাহায্য ঘোষণা কৰিছিল। এই নীতিৰ আধাৰতে এতিয়া পুনৰ মালদ্বীপক নতুন দিল্লীৰ কাষলৈ আনিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে ভাৰতে।

মালদ্বীপ ভ্ৰমণ কৰিয়েই শনিবাৰে এছ জয়শকংৰে সাক্ষাৎ কৰিলে দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ মইজ্জুক। দুয়োৱে ভাৰত আৰু মালদ্বীপৰ বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। এই বৈঠকৰ পিছতে এছ জয়শংকৰে এক্সত লিখিছে- 'আমাৰ জনসাধাৰণ আৰু অঞ্চলটোৰ হিতৰ বাবে ভাৰত-মালদ্বীপৰ সম্পৰ্ক গভীৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।'

আজিৰ পৰা কিছু দিন পূৰ্বে মালদ্বীপত 'ইণ্ডিয়া আউট' অভিযান চলোৱা মহম্মদ মইজ্জুৱে ভাৰতক তেওঁলোকৰ নিকটতম আৰু অমূল্য বন্ধু আখ্যা দিছে। লগতে স্বীকাৰ কৰিছে মালদ্বীপৰ যেতিয়াই প্ৰয়োজন হয় ভাৰতে সহায় আৰু সাহায্য প্ৰদান কৰি আহিছে।

উল্লেখ্য যে, শুকুৰবাৰে মালদ্বীপলৈ যোৱা এছ জয়শংকৰৰ এই ভ্ৰমণ দেওবাৰে অন্ত পৰিব। জয় শংকৰৰ এই ভ্ৰমণে দুয়ো দেশৰ কূটনৈতিক সম্পৰ্কক অধিক মজবুট কৰিব বুলি আশা কৰা হৈছে। দেশখনে পূৰ্বে লোৱা ভাৰত বিৰোধী স্থিতি অৱসান ঘটি কূটনৈতিক সম্পৰ্ক সুদৃঢ় হ'ব বুলিও দাবী কৰা হৈছে।

স্মৰ্তব্য কেৱল পৰ্যটনৰ ওপৰতেই নিৰ্ভৰশীল এই দেশখনৰ ভাৰত বিৰোধী স্থিতিৰ বাবেই শেহতীয়াকৈ ভাৰতীয় পৰ্যটকে দেশখন ভ্ৰমণ কৰিবলৈ এৰিছে। ভাৰতৰ পৰ্যটকে একপ্ৰকাৰে এই দেশখন বৰ্জন কৰাত কোভিডে প্ৰায় ধ্বংস কৰি থোৱা দেশখনৰ অৰ্থনীতি অধিক দুৰ্বল হৈ পৰিছে। ঋণত ডুবি জুৰুলা হৈছে। এনে পৰিস্থিতিত দেশখনে চীনৰ ষড়যন্ত্ৰও উপলব্ধি কৰিছে।

এই পৰিস্থিতিত পুনৰ ভাৰতৰ কাষ চাপিছে দেশখন। প্ৰধানমন্ত্ৰী মোডীয়ে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ সময়ত উপস্থিত হৈছিল দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ মইজ্জু। ইফালে দক্ষিণ এছিয়াৰ অন্যান্য দেশসমূহৰ সৈতে ভাৰতৰ যি কূটনৈতিক সম্পৰ্ক সেই সম্পৰ্কক পুনৰ শক্তিশালী কৰাত ভাৰত চৰকাৰেও গুৰুত্ব প্ৰদান কৰিছে।

বিশেষকৈ বাংলাদেশৰে কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটাত এতিয়া দক্ষিণ এছিয়াৰ অন্যান্য ৰাষ্ট্ৰক ভাৰতৰ সৈতে ঘনিষ্ঠ কৰাত গুৰুত্ব আৰোপ কৰিছে ভাৰত চৰকাৰে। বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি এছ জয়শংকৰে মালদ্বীপ ভ্ৰমণৰ সময়ত দুয়ো দেশৰ পাৰস্পৰিক সম্পৰ্কক উন্নত কৰাৰ দিশসমূহৰ ওপৰত গুৰুত্ব দিব।

সেই অনুসৰিয়েই এছ জয়শংকৰে দেশখনত কেইবাখনো বৈঠকত মিলিত হৈছে আৰু দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ উপৰিও বাণিজ্যিক দিশসমূহো উন্নত কৰাত গুৰুত্ব দিছে।

মালদ্বীপত উপস্থিত হৈ এছ জয়শংকৰে সাংবাদিকৰ আগত কৈছে আমাৰ 'প্ৰতিবেশী প্ৰথম নীতি'ৰ অন্যতম ভিত্তী মালদ্বীপ। ভাৰতে প্ৰতিবেশীক অগ্ৰাধিকাৰ দি আহিছে।  এই প্ৰতিবেশীসমূহৰ ভিতৰত মালদ্বীপক আমি অগ্ৰাধিকাৰ দিছো। ভাৰত আৰু মালদ্বীপৰ মাজত ঐতিহাসিক সম্পৰ্কও যথেষ্ট শক্তিশালী। এছ জয় শংকৰৰ এই মন্তব্যতে ভাৰতৰ কৌশলপূৰ্ণ অৱস্থান স্পষ্ট হৈছে।

অতীত 'ভাৰত আউট' শ্লোগানঃ মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ক'লে ভাৰত আমাৰ অমূল্য বন্ধু
কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন দক্ষিণ এছিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in