ডিজিটেল ডেস্ক : পশ্চিম তিব্বতৰ ছাগ্যা চহৰত আছে এটি গ্ৰন্থাগাৰ । বৌদ্ধ ধৰ্মৰ এগৰাকী গুৰুৱে ১০৭৩ চনতেই স্থাপন কৰা এই গ্ৰন্থাগাৰটোত আছে কেইবালাখ গ্ৰন্থ । কিন্তু কিয় বিখ্যাত এই গ্ৰন্থাগাৰটো ?
এই গ্ৰন্থাগাৰটোৰ এখন দেৱাল লোকচক্ষুৰ আতৰত আছিল বহু বছৰৰ বাবে । আৰু শেহতীয়াকৈ এই দেৱালখনৰ পাছফালে উদ্ধাৰ কৰা হৈছে ৮৪ হেজাৰ গ্ৰন্থ । যি গ্ৰন্থ সমূহৰ অনুবাদ আজিকোপতি সম্ভৱ হৈ উঠা নাই । সম্ভৱত কোনো বিলুপ্ত ভাষাৰত লিখা হৈছিল এই গ্ৰন্থসমূহ ।
প্ৰায় ১ লাখ ৩০ হেজাৰ শ্ৰমিকে দিনে নিশাই কৰা কষ্টৰ ফলস্বৰূপে গঢ় লৈ উঠিছিল এই গ্ৰন্থাগাৰটো । কিন্তু ১৩ শ আৰু ১৪ শতিকাত মংগোল ৰাজত্বৰ কালছোৱাত বন্ধ কৰি দিয়া হৈছিল এই গ্ৰন্থাগাৰটো । অৱশেষত ১৬ শ শতিকাত অগ্নি সংযোগ কৰি জ্বলাই দিয়া বৌদ্ধ উপাসনাস্থলী সমূহৰ মাজত আছিল এই গ্ৰন্থাগাৰটোও । ১৯৪৮ চনত হে পুনৰ্নিমাণ সম্ভৱ হৈ উঠিছিল গ্ৰন্থাগাৰটোৰ । তাৰ পাছতেই আৱিষ্কাৰ হৈছিল এই লুকাই থকা দেৱালৰ আৰৰ গ্ৰন্থ সমূহৰ বিশাল ভাণ্ডাৰটো ।
ইয়াত থকা গ্ৰন্থসমূহৰো আছে নিজা বৈশিষ্ট্য । ৬ ফুট দৈৰ্ঘৰ পৃষ্ঠা সমূহ বহলে প্ৰায় ১৮ ইঞ্চি । বিশালকায় গ্ৰন্থ সমূহত সোণেৰে লিখা হৈছিল সেই সময়তেই ।
গ্ৰন্থ সমূহৰ প্ৰথম চাৰিটা সংস্কৰণ আছে বুদ্ধৰ সহস্ৰাধিক চিত্ৰ । বিশ্ব বিখ্যাত শাসক কুবলা খানৰ দিনত লোহাৰে মেৰিয়াই এই গ্ৰন্থ সমূহ উপহাৰ দিয়া হৈছিল ফাগপা লামাক ।
গ্ৰন্থসমূহ ৰখা খাপ সমূহ আকৌ ১০ মিটাৰ ওখ আৰু ৬০ মিটাৰ বহল । কেৱল ধৰ্মীয় লিখনিয়েই নহয় বৰং সাহিত্য, অংকশাস্ত্ৰ, বিজ্ঞান, স্থাপত্যবিদ্যাৰো অলেখ গ্ৰন্থ আছে ইয়াত । এখন এখন গ্ৰন্থৰ ওজন প্ৰায় ৫০০ কিলো ।
এই গ্ৰন্থাগাৰটোৱে যে ভৱিষ্যত প্ৰজন্মৰ বাবে অধ্যয়ণৰ এক নতুন দুৱাৰ মুকলি কৰি দিব সেইয়া খাটাং । অতীতৰ দৰে নহয় বৰ্তমানৰ সংৰক্ষণৰ ব্যৱস্থা । বৰ্তমান ইন্টাৰনেটত অতি সহজেই সংৰক্ষণ কৰিব পাৰি এনেধৰণৰ গ্ৰন্থসমূহ ।