ভাৰত-বাংলাদেশ সীমান্তত কাঢ়া সতৰ্কতাঃ দুয়ো দেশৰ মাজত বাতিল ৰে'ল, বিমান সেৱা

বি এছ এফ সঞ্চালক প্ৰধানে তদাৰক পৰিছে সীমান্তৰ পৰিস্থিতি
ভাৰত-বাংলাদেশ সীমান্তত কাঢ়া সতৰ্কতাঃ দুয়ো দেশৰ মাজত বাতিল ৰে'ল, বিমান সেৱা
ভাৰত-বাংলাদেশ সীমান্তত কাঢ়া সতৰ্কতাঃ দুয়ো দেশৰ মাজত বাতিল ৰে'ল, বিমান সেৱা
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰিছে বি এছ এফে। সোমবাৰে বিয়লি বি এছ এফৰ তৰফৰ পৰা সীমান্তত কঠোৰ নিৰাপত্তা জাৰি কৰা হোৱা বুলি সংবাদ সংস্থা এ এন আইয়ে প্ৰকাশ কৰিছে।

আনহাতে বি এছ এফৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধুৰীয়ে কলকাতা ভ্ৰমণ কৰিছে। তেওঁ সুন্দৰবনত ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাত বহিছে। তাৰ পাছতেই সীমান্তত মোতায়েন কৰা জোৱানৰ সংখ্যাও বৃদ্ধি কৰা হৈছে।

যোৱা দিন কেইটাত বাংলাদেশত চলি থকা সংৰক্ষণ বিৰোধী আন্দোলনে গণ অভুত্থানৰ ৰূপ ধাৰণ কৰাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে শ্বেইখ হাছিনাই। তেওঁ পদত্যাগ কৰিয়েই বাংলাদেশৰ চিধাই ত্ৰিপুৰা আৰু ত্ৰিপুৰাৰ পৰা দিল্লীত উপস্থিত হৈছে। জানিব পৰা মতে দিল্লীৰ পৰাই হাছিনাই লণ্ডনলৈ যাত্ৰা কৰিব।

এনে পৰিস্থিতিত চুবুৰীয়া দেশখনত এতিয়া আইন শৃংখলা বুলি কোনো বস্তুয়েই বিচাৰি পাবলৈ নাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত প্ৰতিবাদী জনতাই প্ৰবেশ কৰিছে। ভাঙি পেলাইছে বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি।

একেদৰেই আক্ৰমণ চলিছে বাংলাদেশৰ গৃহমন্ত্ৰীৰ বাসগৃহতো। এনে পৰিস্থিতিৰ মাজতেই দেশৰ জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছে দেশখনৰ সেনা প্ৰধানগৰাকীয়ে। তেওঁ ঘোষণা কৰিছে শীঘ্ৰেই গঠন কৰা হ’ব অন্তৱৰ্তীকালীন চৰকাৰ।

উল্লেখ্য যে, চুবুৰীয়া দেশখনত ছাত্ৰসকলে আৰম্ভ কৰা সংৰক্ষণ বিৰোধী আন্দোলনে পাছত চৰকাৰ বিৰোধী আন্দোলনলৈ ৰূপান্তৰ হৈ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পদত্যাগৰ দাবীৰে অসহযোগ আন্দোলনলৈ পৰিবৰ্তন হৈছিল। এই আন্দোলনত এই পৰ্যন্ত ২৫০ জন লোকৰ মৃত্যু হৈছে। বাংলাদেশৰ এনে পৰিস্থিতিত ভাৰতে দেশখনৰ ওপৰত নজৰ ৰাখিছে।

দেশখনত সৃষ্টি হ’ব পৰা গোষ্ঠীগত সংঘৰ্ষত ভাৰতলৈ যাতে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। বাতিল কৰা হৈছে বাংলাদেশ ভাৰতৰ মাজত চলি থকা মৈত্ৰী ৰেল। বন্ধ কৰা হৈছে বিমান চালনাও।

ভাৰত-বাংলাদেশ সীমান্তত কাঢ়া সতৰ্কতাঃ দুয়ো দেশৰ মাজত বাতিল ৰে'ল, বিমান সেৱা
সাংসদ গৌৰৱ গগৈৰ সম্বৰ্ধনা অনুষ্ঠানৰ বাবে প্ৰেক্ষাগৃহ আৱণ্টন নিদিয়াক লৈ গোলাঘাটত উতপ্ত পৰিস্থিতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in