ডিজিটেল ডেস্কঃ বাংলাদেশৰ ছাত্ৰ বিপ্লৱৰ অচিলাৰে শ্বেইখ হাছিনাৰ চৰকাৰৰ পতন কোনো সাধাৰণ কথা নাছিল। ইয়াৰ আঁৰত আছিল গভীৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ মাধ্যমেৰে শ্বেইখ হাছিনাক ক্ষমতাচ্যুত কৰা হৈছিল।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আনুষ্ঠানিক ভাৱে এই কথা স্বীকাৰ কৰিছে। ২০২৪ ৰ জানুৱাৰী মাহত বাংলাদেশত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন।
এই নিৰ্বাচনত অভিলেখসংখ্যক বিজয়েৰে আৱামী লীগে পুনৰবাৰ চৰকাৰ গঠন কৰিছিল। পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল শ্বেইখ হাছিনাই। এই চৰকাৰৰ ৬ মাহ অতিক্ৰম কৰিব নাপাওঁতেই আৰম্ভ হোৱা ছাত্ৰ বিপ্লৱৰ পৰৱৰ্তী সময়ত গণ অভ্যুত্থনৰ ৰূপ ধাৰণ কৰাত হাছিনা চৰকাৰৰ পতন হয়।
সংৰক্ষম বিৰোধী আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰা ছাত্ৰসকলৰ এই আন্দোলন পৰিৱৰ্তী সময়ত হাছিনা চৰকাৰ বিৰোধী আন্দোলনলৈ পৰিবৰ্তন হয়। আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰা দেশ এৰি পলায়ন কৰে শ্বেইখ হাছিনাই।
এয়া যে কোনো স্বাভাৱিক ঘটনা নাছিল সেয়া ৰাজনৈতিক বিশেষজ্ঞসকলে ইমানদিনে দাবী কৰি আহিছে। এই আন্দোলনৰ আঁৰত তৃতীয় শক্তিৰ ভূমিকা আছিল উল্লেখযোগ্য। কিন্তু কোন আছিল এই তৃতীয় পক্ষ?
শ্বেইখ হাছিনাই দেশ এৰাৰ পাছত কৈছিল আমেৰিকাৰ ষড়যন্ত্ৰতে তেওঁৰ চৰকাৰ ভংগ হ'ল। দেশ এৰি পলাবলগীয়া হ'ল। কিন্তু আমেৰিকাই হাছিনাৰ এই অভিযোগক নস্যাত কৰি আহিছিল।
সেই আমেৰিকাৰ মাটিত উপস্থিত হৈয়ে মহম্মদ ইউনুছে হাছিনা চৰকাৰৰ পতনৰ আঁৰত থকা ষড়যন্ত্ৰক উন্মোচিত কৰিলে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিবেশনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা ভ্ৰমণ কৰা মহম্মদ ইউনুছে দেশখনতেই বাংলাদেশৰ চৰকাৰৰ পতনৰ আঁৰৰ ষড়যন্ত্ৰৰ কথা উল্লেখ কৰিছে।
নিউয়ৰ্কত অনুষ্ঠিত হোৱা এই সাধাৰণ পৰিষদৰ বৈঠকৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ উদ্যোগত অনুষ্ঠিত হয় ক্লিণ্টন গ্লোবেল ইনিছিয়েটিভ লিডাৰছ ষ্টেজ শীৰ্ষক এক অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মহম্মদ ইউনুছে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
এই মঞ্চৰ পৰাই তেওঁ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিয়া তিনিগৰাকী বিশেষ ব্যক্তিকো পৰিচয় কৰাই দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইউনুছে কয়,শ্বেইখ হাছিনাক ক্ষমতাচ্যুত কৰাটো কোনো আকস্মিক ঘটনা নাছিল। ইয়াৰ আঁৰত আছিল পৰিকল্পিত ষড়যন্ত্ৰ। কোনেও ক'ব নোৱাৰে এই প্ৰতিবাদৰ আঁৰত কোন আছিল।
তেওঁ ভাষণৰ মাজতে অৱশ্যে এজন বিশেষ ব্যক্তিৰ নাম লয়। মেহফুজ আব্দুল্লাহ নামৰ এজ ব্যক্তিৰ কথা উল্লেখ কৰি হাছিনাৰ ক্ষমতাচ্যুতৰ আঁৰত আছিল তেওঁ। কিন্তু এই মেহফুজ আব্দুল্লাহ প্ৰকৃততে কোন, তেওঁ কি কৰে, কিয় বিখ্যাত তাৰ কোনো কথাই উল্লেখ নকৰিলে ইউনুছে।
ইউনুছৰ এই বক্তব্যৰ পাছতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আকৌ চৰ্চালৈ আহিছে বাংলাদেশৰ প্ৰসংগ। হাছিনাই উল্লেখ কৰাৰ দৰেই আমেৰিকাৰ ষড়যন্ত্ৰতে তেওঁৰ চৰকাৰৰ পতন হৈছিল নেকি?
ইউনুছে নাম লোৱা মেহফুজ আব্দুল্লাৰ আমেৰিকাৰ সৈতে আছে নেকি সম্পৰ্ক? মন কৰিবলগীয়া যে, জানুৱাৰীত অনুষ্ঠিত হোৱা বাংলাদেশৰ সাধাৰণ নিৰ্বাচনক লৈ আপত্তি দৰ্শাইছিল ৱাশ্বিংটনে। দেশখনত নিৰ্বাচনৰ সময়ত মানৱ অধিকাৰ উলংঘন, গণতন্ত্ৰ পৰিপন্থী কাম-কাজ সংঘটিত হোৱাৰ অভিযোগ কৰিছিল।
তাৰোপৰি ছেইণ্ট মাৰ্টিন দ্বীপত সেনা ঘাটি স্থাপনৰ বাবে আমেৰিকাই জনোৱা আবেদন হাছিনাই নস্যাত কৰাৰ বাবে দুয়ো দেশৰ মাজত বৃদ্ধি পাইছিল ব্যৱধান। কিন্তু হাছিনাৰ পতনৰ পাছতে এতিয়া বাংলাদেশৰ সৈতে পুনৰ মধুৰ সম্পৰ্ক গঢ়িবলৈ প্ৰস্তুত হৈছে ৱাশ্বিংটন।