শ্বেইখ হাছিনাৰ USA ৰ ভিছা বাতিলঃ বাংলাদেশৰ সেনা বাহিনীত ব্যাপক ৰদবদল

মহম্মদ ইউনুছক অন্তৱৰ্তাকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে দায়িত্ব
শ্বেইখ হাছিনাৰ USA ৰ ভিছা বাতিলঃ বাংলাদেশৰ সেনা বাহিনীত ব্যাপক ৰদবদল
শ্বেইখ হাছিনাৰ USA ৰ ভিছা বাতিলঃ বাংলাদেশৰ সেনা বাহিনীত ব্যাপক ৰদবদল
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ আৱামী লীগৰ চৰকাৰ পতনৰ সমান্তাৰলকৈ দেশ এৰি ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পলায়ন কৰাৰ পাছতে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তুতি চলিছে। দেশখনৰ অন্তৱৰ্তাকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে দায়িত্ব দিয়া হৈছে নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছক। আজি বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বই তেওঁৰ নাম প্ৰধান উদেষ্টা হিচাপে ঘোষণা কৰিছে।

ইফালে আজি দেশ এৰিব লোৱাৰ সময়তে সদ্য প্ৰাক্তন বিদেশ মন্ত্ৰী হাছান মাহম্মুদ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী জুনাইদ আহমেদকো বিমান বন্দৰৰ পৰা আটক কৰা হৈছে। ইফালে সদ্যহতে ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা শ্বেইখ হাছিনাই তৃতীয় কোনো দেশত ৰাজনৈতিক আশ্ৰয় ল'ব নোৱাৰে বুলিও দাবী কৰিছে বৈষম্য বিৰোধী আন্দোলনৰ নেতৃত্বই।

দেশখনত সৃষ্টি হৈ থকা অস্থিৰ পৰিবেশৰ মাজতে মঙ্গলবাৰৰ পৰা সকলো শৈক্ষিক প্ৰতিষ্ঠান আৰু চৰকাৰী অফিচ-কাছীৰ খোলাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু দেশখনৰ অস্থিৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই।

বিভিন্ন স্থানত আক্ৰমণকাৰীয়ে ধ্বংসাত্মক কাৰ্যত জড়িত হৈ থকাৰ লগতে অগ্নি সংযোগো কৰিছে। ঢাকাৰ অধিকাংশ আৰক্ষী থানাই আৰক্ষী শূন্য হৈ আছে। এনে পৰিস্থিতিত একাংশ আক্ৰমণকাৰীয়ে থানাও লণ্ডভণ্ড কৰিছে। এনে পৰিস্থিতিত দুই এদিনতে অন্তৱৰ্তীকালীন চৰকাৰ গঠন নকৰিলে দেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনাই অধিক বুলি উল্লেখ কৰিছে বি এন পিৰ মহাসচিব গৰাকীয়ে।

সেনা বাহিনীৰ শীৰ্ষ পদতো ৰদবদল

বাংলাদেশৰ সেনা বাহিনীৰো শীৰ্ষ পদত ৰদবদল কৰা হৈছে। মঙ্গলবাৰে আই এছ পি আৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত সেনা বাহিনীত ব্যাপক ৰদবদল কৰাৰ কথা উল্লেখ কৰা হৈছে।

এই বিজ্ঞপ্তিত কোৱা হৈছে মেজৰ জেনেৰেল জিয়াউল আহচানক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু চাইফুল আলমৰ চাকৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত অৰ্পণ কৰা হৈছে।

ইয়াৰ উপৰিও লেফটেণেণ্ট জেনেৰেল মহম্মদ মজিবুৰ ৰহমানক জি অ' চি আৰ্মি ট্ৰেইনিং এণ্ড ডকট্ৰিন কমাণ্ড, লেফেটেণেণ্ট জেনেৰেল আহমদ তাবৰেজ চৌধুৰীক সেনাবাহিনীৰ কোৱাৰ্টাৰ মাষ্টাৰ জেনেৰেল, লেফটেণেণ্ট জেনেৰেল মিজানুৰ ৰহমান ছামিমক সেনাবাহিনীৰ চীফ অৱ জেনেৰেল ষ্টাফ, লেফটেণেণ্ট জেনেৰেল মহম্মদ শ্বাহীনুল হকক কাণাণ্ডেণ্ট এন ডি চি আৰু মেজৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে।

শ্বেইখ হাছিনাৰ ভিছা বাতিল কৰিলে আমেৰিকা যুক্ত ৰাষ্ট্ৰই

সংৰক্ষণ সংস্কাৰ আন্দোলনৰ সন্মুখীন হৈ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি পলায়ন কৰা শ্বেইখ হাছিনাৰ ভিছা বাতিল কৰিছে আমেৰিকাই। মঙ্গলবাৰে দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ৰ ঘনিষ্ঠ সূত্ৰই এই কথা নিশ্চিত কৰিছে। আনহাতে সামাজিক মাধ্যম এক্সৰ জৰিয়তে দিয়া এটা পোষ্টত ব্ৰিটিছ সাংবাদিক ডেভিজ বাৰ্গমেনেও শ্বেইখ হাছিনা ভিছা আমেৰিকাই বাতিল কৰাৰ কথা উল্লেখ কৰিছে।

শ্বেইখ হাছিনাৰ USA ৰ ভিছা বাতিলঃ বাংলাদেশৰ সেনা বাহিনীত ব্যাপক ৰদবদল
বাংলাদেশত এয়া কেনেকুৱা স্বাধীনতা? চৌদিশে কেৱল হিংসা আৰু উত্তেজনা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in