মৌলবাদীসকলে কোটা আন্দোলনত ছদ্মবেশেৰে প্ৰৱেশ কৰিছিলঃ শ্বেখ হাছিনা

মৌলবাদীসকলে কোটা আন্দোলনত ছদ্মবেশেৰে প্ৰৱেশ কৰিছিলঃ শ্বেখ হাছিনা

author-image
Asomiya Pratidin
New Update
মৌলবাদীসকলে কোটা আন্দোলনত ছদ্মবেশেৰে প্ৰৱেশ কৰিছিলঃ শ্বেখ হাছিনা

ডিজিটেল সংবাদ,ঢাকাঃ কোটা সংস্কাৰ বিষয়ক লৈ প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে বাংলাদেশত ১০দিন ধৰি বন্ধ হৈ থকা ম’বাইল ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হৈছে। দেওবাৰে দুপৰীয়া তিনি বজাৰ পৰা এই সেৱা আৰম্ভ হয়। অৱশ্যে তাৰ পৰিৱৰ্তে ফেচবুককে ধৰি সকলো ধৰণৰ ছ’চিয়েল মিডিয়া বন্ধ থাকিব বুলি ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জুনেইদ আহমেদ পালাকে জানিবলৈ দিয়ে।

ফেচবুক, টিকটকৰ লগতে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিয়ে যুক্তিসংগত ব্যাখ্যা নিদিয়ালৈকে বৰ্তমান এই সেৱা পুনৰ মুকলি নকৰাৰ সিদ্ধান্তত চৰকাৰ অটল থাকিব বুলিও তেওঁ কয়। ৰাজ্যিক মন্ত্ৰী পালাকে কয় যে তেওঁলোকক হিংসা সন্দৰ্ভত কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও প্ৰশ্ন কৰা হৈছে। যোৱা ৩১ জুলাইত ফেচবুক, টিকটককে ধৰি ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিক বিটিআৰচিলৈ মাতি অনা হৈছে। ব্যক্তিগতভাৱে তেওঁলোকক এই সন্দৰ্ভত জনোৱা হব।

ইয়াৰ পূৰ্বে মঙলবাৰে নিশা (২৩ জুলাই) সীমিত ব্ৰডবেণ্ড ইণ্টাৰনেট সংযোগ একেৰাহে ৫ দিনৰ বাবে বন্ধ কৰি দিয়াৰ পিছত পুনৰ মুকলি কৰা হৈছিল। প্ৰথম অৱস্থাত ইণ্টাৰনেটৰ গতি যথেষ্ট লেহেমীয়া আছিল যদিও ব্ৰডবেণ্ড সংযোগ উভতি অহাৰ ফলত ফ্ৰীলান্সাৰ, ব্যৱসায়ী আৰু সাধাৰণ ব্যৱহাৰকাৰীকে ধৰি বিভিন্ন পেছাদাৰী ব্যক্তিয়ে সকাহ পাইছিল।

ইফালে বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলে কয় যে ক্ৰমান্বয়ে দেশখন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও বৰ্তমান সান্ধ্য আইন অব্যাহত থাকিব। লাহে লাহে আমি সন্ধিয়াৰ আইন শিথিল কৰিম। পৰিস্থিতি স্বাভাৱিক হোৱা পাছত আমি কাৰ্ফিউ উঠাম।

আছাদুজ্জামান খানে কয় যে, বহু লোকে হতাহতৰ সংখ্যাৰ বিষয়ে বহু কথাই কৈছে। এই কেইদিনৰ আন্দোলনত প্ৰাণ হেৰুৱাই পেলোৱাসকলৰ তালিকা আমাৰ হাতত আছে। আমি এই বিষয়ে অধিক তদন্ত কৰি আছো। এজন বা দুজনৰ খবৰ পালে আমি সেইবোৰ অন্তৰ্ভুক্ত কৰিম।

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকল নিৰাপত্তাহীনতাত ভুগিছে বুলিও উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। সেয়ে সুৰক্ষাৰ বাবে তেওঁলোকক জিম্মাত লোৱা হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ হোৱা নাছিল। পৰিস্থিতি স্বাভাৱিক হোৱা পাছতে তেওঁলোকক মুকলি কৰা হব বুলি উল্লেখ কৰে।

ইফালে, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে মৌলবাদী জামাত-শিবিৰৰ সন্ত্ৰাসবাদীয়ে প্ৰথমে কোটা সংস্কাৰ আন্দোলনত প্ৰৱেশ কৰিছিল। পিছলৈ তেওঁলোক অধিক বিপদজনক হৈ পৰিছিল।

দেওবাৰে বাংলাদেশত নিযুক্ত স্পেইনৰ ৰাষ্ট্ৰদূত গেব্ৰিয়েল মাৰিয়া চিষ্টিয়াগা অচোয়া দে চিঞ্চিক্ৰুক সাক্ষাৎ কৰি এই মন্তব্য কৰে শ্বেখ হাছিনাই। বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীৰ প্ৰেছ সচিব মোড নাইমুল ইছলাম খানে সাংবাদিকসকলক অৱগত কৰে।

শ্বেখ হাছিনাই কয় যে সন্ত্ৰাসবাদীয়ে প্ৰকৃততে সেই প্ৰতিষ্ঠানসমূহক আক্ৰমণ কৰিছে যিবোৰে জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি আহিছে। এই প্ৰসংগত তেওঁ কভিড হাস্পতাল, মেট্ৰ’ৰেল, এক্সপ্ৰেছৱে, ছেতু ভৱন, দুৰ্যোগ ব্যৱস্থাপনা ভৱন আৰু ডাটা চেণ্টাৰৰ কথা উল্লেখ কৰে। সেনা নিয়োগ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰিস্থিতিত সেনা সদস্যসকলে আটাইতকৈ বেছি ধৈৰ্য্য প্ৰদৰ্শন কৰিছে। লগতে বাংলাদেশত সংঘটিত এই সংঘৰ্ষত তেওঁৰ দল আৱামি লীগৰ প্ৰায় ২১ জন সদস্যৰ মৃত্যু হোৱা বুলিও তেওঁ উল্লেখ কৰে।

Also Read: বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈ নাথাকিব নেকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

bangladesh conflict shekh Hasina