আজি ভাৰত আৰু জিম্বাবাৱে’ৰ শৃংখলাৰ অন্তিম এদিনীয়া…

আজি ভাৰত আৰু জিম্বাবাৱে’ৰ শৃংখলাৰ অন্তিম এদিনীয়া…

author-image
asomiyapratidin
New Update
আজি ভাৰত আৰু জিম্বাবাৱে’ৰ শৃংখলাৰ অন্তিম এদিনীয়া…

ডিজিটেল ডেস্কঃ কে.এল ৰাহুলৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দল সম্প্ৰতি জিম্বাবাৱে' ভ্ৰমণত।শৃংখলাৰ আজি অন্তিমখন মেচ। তিনিখন এদিনীয়া মেচৰ দুখনত ভাৰতে জয়লাভ কৰি ইতিমধ্যে শৃংখলা জয় কৰিছে।

আজি সন্মান ৰক্ষাৰ বাবে যুজঁত নামিব ঘৰুৱা দল জিম্বাবাৱে'।ভাৰত শক্তিশালী ফৰ্মত থাকিলেও বিপক্ষক সহজভাৱে নলয়। কিয়নো খেলুৱৈ সকলে সমাগত এছিয়া কাপ আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে দলত স্থান নিগাজি কৰিবলৈ প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে ইয়াৰপূৰ্বে অনুষ্ঠিত হৈ যোৱা দুয়োখন মেচতে ভাৰতীয় দলে বেটে-বলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি শক্তিৰ প্ৰমাণ দাঙি ধৰিছে।

klrahul cricket dhawan bicci ind vs zim