৫ দিনে ভূমিকম্পৰ ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থাকিও জীৱন্তে উদ্ধাৰ দুগৰাকী মহিলাক

author-image
Asomiya Pratidin
New Update
৫ দিনে ভূমিকম্পৰ ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থাকিও জীৱন্তে উদ্ধাৰ দুগৰাকী মহিলাক

ডিজিটেল ডেস্ক : "ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ?" এই বাক্যশাৰী প্ৰমাণ কৰিলে প্ৰকৃতিয়ে । তুৰস্কৰ ভূমিকম্পই সহস্ৰাধিক পৰিয়ালৈ নিমিষতে নমাই আনিলে অমানিশা । কিন্তু মৃত্যুৰ সেই দয়া মমতাহীন উলংগ নৃত্যৰ সন্মুখতেই ৫ দিনকৈ ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থাকিও সুকলমে উদ্ধাৰ হ'ল দুগৰাকী মহিলা ।

সম্পূৰ্ণ ১২২ ঘন্টা আৱদ্ধ হৈ আছিল এই দুগৰাকী মহিলা ভোকে, পিয়াহে, সন্ত্ৰাসে । কিন্তু ইমান সহজেই হাৰ মনা নাছিল দুয়ো । অতি শীঘ্ৰেই উদ্ধাৰকাৰীৰ দল উপস্থিত হ'ব বুলি সান্তনা জনাইছিল ইজনে সিজনক । এই দুয়োগৰাকী মহিলা আছিল মেনেক্সে টাবাক (৭০) আৰু মাছাল্লাহ চিচেক (৫৫) ।

উল্লেখ্য যে, বিহত ২৪ ঘন্টাত মুঠ ৬৬ জন লোকক উদ্ধাৰ কৰা হৈছে ধ্বংসস্তূপৰ পৰা । গৃহহীন হৈ পৰিছে ১০.৫ লাখৰো অধিক লোক । সময়ৰ সৈতেই বৃদ্ধি পাব এই পৰিসংখ্যা । ই ধূৰুপ । কিন্তু এনেদৰে আসন্ন মৃত্যুৰ গৰাহৰ পৰা জীৱন্তে বাচি অহা বাতৰি নিশ্চয়কৈ আৰু নোলাব দুৰ্ভাগ্যবশত ।

আৰু পঢ়ক : ভাৰতৰ মাটিত মুখ ঠেকেচা কেংগাৰু বাহিনীৰ, বৃহৎ ব্যৱধানত জয়লাভ ভাৰতৰ...

turkey earthquake