ট্ৰাম্পক বিজয়ী শুভেচ্ছা দি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ক'লে- দমন কৰক ৰাছিয়াক

ট্ৰাম্পক বিজয়ী শুভেচ্ছা দি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ক'লে- দমন কৰক ৰাছিয়াক

author-image
Asomiya Pratidin
New Update
ট্ৰাম্পক বিজয়ী শুভেচ্ছা দি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ক'লে- দমন কৰক ৰাছিয়াক

ডিজিটেল ডেস্ক : ঘোষণা হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল । বৃহৎ ভোটৰ ব্যৱধানৰ সৈতে বিজয়ী হৈ শেষ হাঁহি মাৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিক দলৰ নেতা ডনাল্ড ট্ৰাম্পে ।

২৭৭ ইলেক্টৰেল ভোট লাভ কৰি পুনৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু ট্ৰাম্প । আনহাতে ডেমক্ৰেটিক দলৰ নেত্ৰী তথা ট্ৰাম্পৰ মূল প্ৰতিদ্বন্দ্বী কমলা হেৰিছে লাভ কৰে ২২৬টা ইলেক্টৰেল ভোট ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ফলাফলৰ খবৰ তুংগত থকাৰ মাজতেই পুনৰ চৰ্চা লাভ কৰিছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ব প্ৰসংগই । নিৰ্বাচনী শুভেচ্ছা বাৰ্তাৰ সৈতে ভাইৰেল হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিৰ এক বিশেষ ভিডিঅ’ ।

জেলেনস্কিয়ে ন-বিজয়ী ৰাষ্ট্ৰপতি ডনাল ট্ৰাম্পক নিৰ্বাচনী শুভেচ্ছা বাৰ্তাৰ দিয়াৰ লগতে বৈৰী ৰাষ্ট্ৰ ৰাছিয়াক দমন কৰিবলৈ অনুৰোধ জনায় । ইউক্ৰেইনক ৰাছিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে ৰাছিয়াৰ আগ্ৰাসন ৰোধ কৰিবলৈ সকলো কাৰ্যপন্থা ল’বলৈ আহ্বান জনায় জেলেনস্কিয়ে ।

তেওঁ লগতে ভিডিঅ’ বাৰ্তাত আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শান্তি বৰ্তাই ৰাখিবলৈ আমেৰিকাক শক্তিশালী নেতৃত্ব ল’বলৈ অনুৰোধ জনায় । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনকেন্দ্ৰিক প্ৰচাৰৰ সময়ত ট্ৰাম্পে জেলেনস্কি আৰু জ’ বাইডেন উভয়কে ৰাছিয়া-ইউক্ৰেইন যুদ্ধক বিপথে পৰিচালিত কৰাৰ বাবে দোষাৰোপ কৰিছিল ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ৭৮ বছৰীয়া ড’নাল্ড ট্ৰাম্পে পৰৱৰ্তী কাৰ্যভাৰ ল’ব আগন্তক বৰ্ষৰ ২০ জানুৱাৰীত । উল্লেখিত ভিডিঅ বাৰ্তাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ পৰা বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে । ইয়াৰ লগতে পূৰ্বতে অইন ৰাষ্ট্ৰসমূহৰ সৈতে কৰি অহা বিভিন্ন চুক্তি বা বুজাবুজিৰ কথাও উল্লেখ কৰে ভিডিঅ’ বাৰ্তাত ।

বিশ্বত শান্তি স্থাপন কৰাৰ স্বাৰ্থত সকলোকে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰপতি জেলেনস্কিয়ে । পৰৱৰ্তী বিদেশ ভ্ৰমণ সম্পৰ্কেও বাৰ্তাত উল্লেখ কৰে জেলেনস্কিয়ে । সেয়া যি নহওক আমেৰিকাৰ নিৰ্বাচনী ফলাফলৰ মাজতে ৰাছিয়াক ৰুধিবলৈ কৰা জেলেনস্কিৰ আহ্বানে বিশেষ চৰ্চা লাভ কৰিছে বৰ্তমান সময়ত ।

Also Read: চৰকাৰী আঁচনিৰ ধনৰ লোভত বাৰাণসীত ৪০ গৰাকী অবিবাহিতা হ'ল সন্তানসম্ভৱা !

zelensky